অনুসূচিত জাতিৰ নামত সংঘটিত ১৪০ কোটি টকীয়া কেলেংকাৰীৰ তদন্তৰ দাবীত পুনৰ প্ৰধানমন্ত্ৰীক পত্ৰ

অসমৰ অনুসূচিত জাতিৰ লোকসকলৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ নাম সংগঠনটোৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগক অসমত অনুসূচিত জাতিৰ নামত সংঘটিত বিয়াগোম দুৰ্নীতিৰ কথা অৱগত কৰি কঠোৰ ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছিল৷ চলিত বৰ্ষৰ ৭ আগষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে স্মাৰক পত্ৰ প্ৰদান কৰি অসমত সংঘটিত বিয়াগোম কেলেংকাৰীৰ সৱিশেষ অৱগত কৰে৷ তাৰ পাছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিষয়টোক গুৰুত্বসহকাৰে লৈ ততাতৈয়াকৈ অসম চৰকাৰক কঠোৰ নিৰ্দেশ দি ৮ আগষ্টত এক পত্ৰ প্ৰদান কৰে৷ PMOPG/D/2024/0165174 নম্বৰৰ পত্ৰ যোগে অসম চৰকাৰৰ যুটীয়া সচিব এচিএছ ডৰথী চুচিয়াংক বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে৷ তাৰ লগতে সংগঠনটোৱে ৮ আগষ্টত একেই অভিযোগ অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগক পত্ৰ প্ৰদান কৰে৷ ৰাষ্ট্ৰীয় আয়োগে ২১ আগষ্টত ESDW/BP/AS/2024/255473 নম্বৰৰ পত্ৰ যোগে অভিযোগক গুৰুত্বসহকাৰে লৈ ১৫ দিনৰ ভিতৰত তদন্ত সমাপ্ত কৰিবলৈ অসম চৰকাৰৰ মুখ্য সচিবক নিৰ্দেশ দিয়ে৷ ৰাষ্ট্ৰীয় আয়োগে অনুসূচিত জাতিয়ে ভাৰতৰ সংবিধানৰ ৩৩৮ নং অনুচ্ছেদৰ অধীনত লাভ কৰা ক্ষমতা অনুসৰি বিষয়টো গুৰুত্ব দিবলৈ কয় মুখ্য সচিবক৷ ১৫ দিনৰ ভিতৰত পদক্ষেপ লৈ সমস্ত তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল আয়োগে৷ কিন্তু সকলো বেবেৰিবাং হৈ পৰিছিল৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় আয়োগে প্ৰদান কৰি গুৰুতৰ নিৰ্দেশৰ পত্ৰখন আজিলৈ পেলাই থৈছে মুখ্য সচিব আৰু দায়িত্বপ্ৰাপ্ত নডেল বিষয়াই৷ দেশৰ প্ৰধানমন্ত্ৰী আৰু সাংবিধানিক সংস্থা ৰাষ্ট্ৰীয় আয়োগৰ নিৰ্দেশক ভেঙুচালি কৰাত সৰৱ হৈছে সংগঠনটো৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু আয়োগৰ নিৰ্দেশক যে গুৰুত্ব প্ৰদান কৰা সেই কথা অৱগত কৰি পুনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু আয়োগক পত্ৰ প্ৰদান কৰিছে৷ অসম অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু আয়োগৰ নিৰ্দেশক যে ৰাজ্য প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা নাই সেই বিষয়টো পৃথকে পৃথকে পত্ৰ প্ৰদান কৰি ৩০ ছেপ্টেম্বৰত পুনৰ অভিযোগ দাখিল কৰে৷ সংগঠনটোৱে কয় যে অসমত অনুসূচিত জাতিৰ উন্নয়নৰ নামত ৰূপায়িত প্ৰতিটো আঁচনিৰ দ্বাৰা মাথো কেইজনমান লোকৰ উন্নয়ন হৈছে৷ অনসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক কুলশ্ৰী নাথ, ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰৰ নাম উল্লেখ কৰিছে সংগঠনটোৱে৷ নেতা দ্বয়ে কয় যে দেশৰ প্ৰধানমন্ত্ৰীয়ে দিয়া নিৰ্দেশৰ পাছতো দুৰ্নীতিৰ বিৰুদ্ধে সঠিক তদন্ত হোৱা নাই৷ সংগঠনটোৱে কয় যে ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে ২০২২-২৩ বৰ্ষত আঁচনি যুগুত কৰি অনুসূচিত জাতিৰ হিতাধিকাৰীক একোটাকৈ টিভি, টিভি থবলৈ প্লাষ্টিকৰ টেবুল-চকী, প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ দিয়াৰ ব্যৱস্থা কৰিছিল৷ টিভি আৰু পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত ১৪০ কোটি টকা আৱণ্টন দিছিল৷ ঠিকা লাভ কৰিছিল বিতৰ্কিত ঠিকাদাৰ নুপূৰ চাহাই৷ হিতাধিকাৰীক দিয়া প্লাষ্টিকৰ চকীসমূহ ইমানে পাতল যে মানুহে বহিবই নোৱাৰে৷ টেবুলখনৰো অৱস্থা একেই৷ টিভিসমূহো ব্ৰেণ্ডেড নহয় আৰু অত্যন্ত কম দামৰ৷ বজাৰত ৬০০ টকাত লাভ কৰা প্ৰেচাৰ কুকাৰ ২৭০০ টকাত কিনা দেখুৱাইছে৷ ২৩ হাজাৰ টকীয়া টিভি ৫৯ হাজাৰ টকাত কিনা দেখুৱাইছে৷ এই সামগ্ৰীসমূহ নিম্ন মানদণ্ডৰ আৰু ব্যৱহাৰৰ অনুপযোগী৷ সংগঠনটোৱে স্পষ্ট কৰি কয় যে এই দুৰ্নীতিত জড়িত সঞ্চালিকা কুলশ্ৰী নাথ, সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰ৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়টোৰ ত্ৰিমূৰ্তি কুলশ্ৰী নাথ, ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰৰ বিৰুদ্ধে তদন্ত কৰক ৰাজ্য চৰকাৰে৷ ইপিনে সংগঠনটোৱে বিবৃতি যোগে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে সুবৰ্ণময় দেৱ নামৰ ষ্টেনোগ্রাফাৰজন প্ৰায় ৫০ কোটি টকাৰ সম্পত্তিৰগৰাকী৷ নিবিদাৰ নিয়ন্ত্ৰণ আৰু ঠিকাদাৰ সুবৰ্ণময় দেৱৰ কব্জাত৷ সুবৰ্ণময় দেৱৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, আয়কৰ বিভাগ আৰু অসমৰ চিআইডিৰ দ্বাৰা তদন্ত কৰক৷ প্ৰায় ৫০ হাজাৰ টকা দৰমহা পোৱা এজন লোকে গুৱাহাটীৰ কেইবাঠাইত মাটি-ঘৰ, ফ্লেটসহ ইমান সম্পত্তি গঢ়িলে কেনেকৈ? আয়তকৈ তেওঁৰ সম্পত্তি অধিক৷ সেয়েহে আয় বহিৰ্ভূত সম্পত্তিৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয়-ৰাজ্যিক সংস্থাক নিৰ্দেশ দিবলৈ দাবী জনাই অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ষ্টেনোগ্রাফাৰ পদৰ প্ৰয়োজনীয়তা নাই বুলি উল্লেখ কৰি সুবৰ্ণময় দেৱক শীঘ্ৰে ডেপুটেচনত অন্য কাৰ্যালয়লৈ বদলি কৰাৰ দাবী জনায়৷ ইপিনে প্ৰকল্প বিষয়া লিটন মিত্ৰক তেওঁৰ নিজৰ বিভাগ অৰ্থনৈতিক পৰিসংখ্যা বিভাগলৈ বদলি কৰিবলৈ দাবী জনাইছে৷ যদি সংগঠনটোৰ দাবী মানি শীঘ্ৰে ১৪০ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত কৰি কেলেংকাৰীত জড়িতসকলক গ্ৰেপ্তাৰ কৰা নহয় তেন্তে দিল্লীৰ জন্তৰ-মন্তৰত আন্দোলন কৰিবলৈ সাজু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ৷

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক