১৪০ কোটি টকীয়া কেলেংকাৰীৰ তদন্তৰ দাবীত পুনৰ প্ৰতিবাদ, সৰুমটৰীয়াস্থিত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় ঘেৰাও

গুৱাহাটী, ৭ অক্টোবৰঃ আজি দুপৰীয়া গুৱাহাটী মহানগৰীৰ সৰুমটৰীয়াস্থিত অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত তিনি শতাধিক লোকে হঠাতে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে৷ হাতে হাতে বেনাৰ, পোষ্টাৰ, ফেষ্টুন লৈ কাৰ্যালয়টোৰ সন্মুখভাগত শ্ল’গান দি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ সেই সময়তে দিছপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়াস কৰে যদিও আকোৰগোজ প্ৰতিবাদকাৰীক আতৰাব নোৱাৰিলে আৰক্ষীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সঞ্চালক কুলশ্ৰী নাথক চাকৰিৰ পৰা বৰ্খাস্ত কৰক, ১৪০ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত কৰক, প্ৰধানমন্ত্ৰী-আয়োগৰ নিৰ্দেশক অৱহেলা কৰাসকলক গ্ৰেপ্তাৰ কৰক, নুপূৰ চাহ-সুবৰ্ণময় দেৱ-লিটন মিত্ৰক গ্ৰেপ্তাৰ কৰক, সুবৰ্ণ-লিটন-নুপূৰে কিমান দিনলৈ অনুসূচিত জাতিক লুটিব জবাব দিয়ক আদি শ্ল’গানেৰে আকাশ-বতাহ কপাই তোলে৷ সংগঠনটোৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই দিল্লীৰ জন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দি কয় যে অসমৰ অনুসূচিত জাতিৰ দুখীয়া লোকৰ উন্নয়নৰ নামত ৰূপায়ন কৰা আঁচনিত লুণ্ঠন এতিয়া সূলভ৷ দশকৰ পাছত দশক ধৰি পিছ পৰি থকা অসমৰ অনুসূচিত জাতিৰ নামত লুণ্ঠনৰ ইতিহাস দীঘলীয়া৷ কিন্তু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সংঘটিত ১৪০ কোটি টকীয়া দুৰ্নীতিয়ে অনুসূচিত জাতিৰ লোকৰ চকু কপালত তুলিছে৷ দিনৰ পোহৰতে টিভি আৰু পাকঘৰৰ সামগ্ৰী বিতৰণৰ নামত ১৪০ কোটি টকাৰ গিলি পেলালে৷ উল্লেখ্য যে, অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত টিভি আৰু পাকঘৰৰ সামগ্ৰী বিতৰণত সংঘটিত ১৪০ কোটি টকীয়া কেলেংকাৰীৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ এই কেলেংকাৰীৰ বিৰুদ্ধে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে নেৰানেপেৰা প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও ৰাজ্য চৰকাৰে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই৷ বিগত ২০ ছেপ্টেম্বৰত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে একেটা কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি এই কেলেংকাৰীৰ তদন্তৰ দাবী উত্থাপন কৰিছিল৷ কিন্তু ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত আজি পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷ সংগঠনটোৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই আজি পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰা এখন স্মাৰক পত্ৰত কয় যে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগক আগষ্ট মাহতে এই কেলেংকাৰীৰ কথা অৱগত কৰা হৈছিল৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিষয়টোক গুৰুত্বসহকাৰে লৈ ততাতৈয়াকৈ ৰাজ্য প্ৰশাসনক কঠোৰ নিৰ্দেশ দি ৮ আগষ্টত এক পত্ৰ প্ৰদান কৰে৷ PMOPG/D/2024/0165174 নম্বৰৰ পত্ৰ যোগে অসম চৰকাৰৰ যুটীয়া সচিব এচিএছ ডৰথী চুচিয়াংক বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল৷ সমানে অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগে ২১ আগষ্টত ESDW/BP/AS/2024/255473 নম্বৰৰ পত্ৰ যোগে অভিযোগক গুৰুত্বসহকাৰে লৈ ১৫ দিনৰ ভিতৰত তদন্ত সমাপ্ত কৰিবলৈ অসম চৰকাৰৰ মুখ্য সচিবক নিৰ্দেশ দিছিল৷ ৰাষ্ট্ৰীয় আয়োগে অনুসূচিত জাতিক ভাৰতৰ সংবিধানৰ ৩৩৮নং অনুচ্ছেদে প্ৰদান কৰা ক্ষমতা অনুসৰি বিষয়টো গুৰুত্ব দিবলৈ কৈছিল মুখ্য সচিবক৷ কিন্তু ৰাজ্য প্ৰশাসনে দেশৰ প্ৰধানমন্ত্ৰী আৰু আয়োগক তিলমানো গুৰুত্ব নিদিলে৷ পৰৱৰ্তী পৰ্যায়ত ২৭ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী, ৩০ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু আয়োগক পুনৰ অভিযোগ দাখিল কৰা বুলি কয় সংগঠনটোৱে৷ সভাপতি সঞ্জীৱ দাসে কয় যে অসমৰ অনুসূচিত জাতিৰ সম্পদহীন, সম্বলহীন, সৰ্ব্বহাৰা লোকসকলে নিজ অধিকাৰৰ হকে যুঁজাৰ বাহিৰে অন্য পথ দেখা নাপালো৷ বাৰে বাৰে আমি ১৪০ কোটি টকীয়া কেলেংকাৰীৰ তদন্তৰ দাবী জনাইছো৷ কিন্তু গুৰুত্ব সহকাৰে নোলোৱাত পুনৰ আমি আন্দোলনৰ পথ বাছি ল’বলগীয়া হৈছে৷ অনসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক কুলশ্ৰী নাথ, ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰৰ বিৰুদ্ধে সঞ্জীৱ দাসে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ অসমত অনুসূচিত জাতিৰ উন্নয়নৰ নামত ৰূপায়িত প্ৰতিটো আঁচনিৰ এইকেইজন লোকৰ উন্নয়ন হৈছে৷ দাসে কয় যে ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে ২০২২-২৩ বৰ্ষত আঁচনি যুগুত কৰি অনুসূচিত জাতিৰ হিতাধিকাৰীক একোটাকৈ টিভি, টিভি থবলৈ প্লাষ্টিকৰ টেবুল-চকী, প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ দিয়াৰ ব্যৱস্থা কৰিছিল৷ টিভি আৰু পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত ১৪০ কোটি টকা আৱণ্টন দিছিল চৰকাৰে৷ ঠিকা লাভ কৰিছিল বিতৰ্কিত ঠিকাদাৰ নুপূৰ চাহাই৷ কিন্তু হিতাধিকাৰীক দিয়া প্লাষ্টিকৰ চকীসমূহ ইমানে পাতল যে মানুহে বহিবই নোৱাৰে৷ টেবুলখনৰো অৱস্থা একেই৷ টিভিসমূহো ব্ৰেণ্ডেড নহয় আৰু অত্যন্ত কম দামৰ৷ বজাৰত ৬০০ টকাত লাভ কৰা প্ৰেচাৰ কুকাৰ ২৭০০ টকাত কিনা দেখুৱাইছে৷ ২৩ হাজাৰ টকীয়া টিভি ৫৯ হাজাৰ টকাত কিনা দেখুৱাইছে৷ সকলো সামগ্ৰীয়েই নিম্ন মানৰ আৰু ব্যৱহাৰৰ অনুপযোগী৷ এই দুৰ্নীতিত জড়িত সঞ্চালিকা কুলশ্ৰী নাথ, সুবৰ্ণময় দেৱ, প্ৰকল্প বিষয়া লিটন মিত্ৰ আৰু ঠিকাদাৰ নুপূৰ চাহা৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়টোৰ ত্ৰিমূৰ্তি কুলশ্ৰী নাথ, ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰই সংঘটিত কৰা এই কেলেংকাৰীৰ তদন্ত কৰক৷ সুবৰ্ণময় দেৱ নামৰ ষ্টেনোগ্রাফাৰজন প্ৰায় ৫০ কোটি টকাৰ সম্পত্তিৰগৰাকী৷ নিবিদাৰ নিয়ন্ত্ৰণ আৰু ঠিকাদাৰ সুবৰ্ণময় দেৱৰ কব্জাত থাকে৷ সুবৰ্ণময় দেৱৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, আয়কৰ বিভাগ আৰু অসমৰ চিআইডিৰ দ্বাৰা তদন্ত কৰক৷ প্ৰায় ৫০ হাজাৰ টকা দৰমহা পোৱা দেৱে গুৱাহাটীৰ কেইবাঠাইত মাটি-ঘৰ, ফ্লেটসহ সম্পত্তি গঢ়িছে৷ আয়তকৈ তেওঁৰ সম্পত্তি অধিক৷ সেয়েহে আয় বহিৰ্ভূত সম্পত্তিৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয়-ৰাজ্যিক সংস্থাক নিৰ্দেশ দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে সংগঠনটোৱে৷ লগতে সংগঠনটোৱে দাবী জনাই কয় যে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ষ্টেনোগ্রাফাৰ পদৰ প্ৰয়োজনীয়তা নাই৷ সুবৰ্ণময় দেৱক শীঘ্ৰে ডেপুটেচনত অন্য কাৰ্যালয়লৈ বদলি কৰক৷ প্ৰকল্প বিষয়া লিটন মিত্ৰক তেওঁৰ নিজৰ বিভাগ অৰ্থনৈতিক পৰিসংখ্যা বিভাগলৈ বদলি কৰক৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত সংঘটিত এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত সমিতি গঠন কৰিবলৈ মুখ্যমন্ত্ৰী দাবী জনাই সংগঠনটোৱে৷ এই দাবী মানি লৈ ১৪০ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত কৰি কেলেংকাৰীত জড়িতসকলক গ্ৰেপ্তাৰ কৰা নহ’লে দিল্লীৰ জন্তৰ-মন্তৰত আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে৷

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক