

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সক্ৰিয় নেতা এগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ গোলাঘাট জিলাত৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত কমাৰবন্ধা আঞ্চলিক সমিতিৰ সক্ৰিয় নেতাই অতি কম বয়সতে মৃত্যুক আকোৱালি লয়৷ মৃত যুৱকজনৰ নাম হৈছে নৰোত্তম বৰা৷ জানিব পৰা মতে, নৰোত্তম বৰা হৈছে অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত কমাৰবন্ধা আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক আছিল৷ নৰোত্তম বৰাৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা পলাশ চাংমাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।