হিমন্ত বিশ্ব শৰ্মাৰ ভুল কৌশলৰ বাবে ঝাড়খণ্ডত বেয়াকৈ হাৰিছে বিজেপিঃ অখিল গগৈ

কেন্দ্ৰীয় নেতা হোৱাৰ সপোন পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমখন লুটিলে বুলি মন্তব্য় কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। উপ-নিৰ্বাচনৰ ফলাফলৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য় কৰি লৈছে বিধায়কগৰাকীয়ে । সোমবাৰে শিলচৰত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰাইজৰ দলৰ সভাপতি তথা বিধায়কগৰাকী।

শিলচৰত সোমবাৰে আয়োজিত এক সংবাদমেলত অখিল গগৈয়ে মুখ্য়মন্ত্ৰীক সমালোচনা কৰি কয়,” অসমৰ পৰা ৩ হাজাৰ কোটি টকা লুটি নি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঝাড়খণ্ডৰ নিৰ্বাচনত খৰচ কৰিছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ ভুল কৌশলৰ বাবে ঝাড়খণ্ডত বেয়াকৈ হাৰিছে বিজেপি ৷ “

আনহাতে, হিমন্ত বিশ্ব শৰ্মাক অসমৰ খিলঞ্জীয়া মানুহে প্ৰত্যাখ্য়ান কৰিছে বুলি অখিল গগৈয়ে মন্তব্য় কৰি কয়,” কেন্দ্ৰীয় নেতা হোৱাৰ সপোন পূৰ্ণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমখনক লুটিছে ৷ অসমৰ পৰা হাজাৰ হাজাৰ কোটি টকা লুটি দিল্লীত জমা দিছে মুখ্যমন্ত্ৰীয়ে ৷ “

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক চাপত ৰাখিবলৈ অমিত শ্বাহে মাজে মাজে অসমৰ মুখ্যমন্ত্ৰীক ব্যৱহাৰ কৰে বুলি মন্তব্য় কৰি অখিল গগৈয়ে কয়,” এইবাৰ ঝাড়খণ্ডতো এনেদৰে হিমন্ত বিশ্ব শৰ্মাক ব্যৱহাৰ কৰিছিল অমিত শ্বাহে ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণভাৱে ফেইল মাৰিছে ৷ হিমন্তৰ ভুল কৌশলৰ বাবে ঝাড়খণ্ডত বেয়াকৈ পৰাজিত হৈছে বিজেপি ৷ মুখ্যমন্ত্ৰীয়ে বৰাকৰ মানুহক যেনেকৈ টুপী পিন্ধাই তেনেকৈ টুপী ঝাড়খণ্ডত পিন্ধাবলৈ গৈছিল । কিন্তু ঝাড়খণ্ডৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ টুপী পিন্ধা নাই ।”

আনহাতে, হিমন্ত বিশ্ব শৰ্মাক অসমৰ খিলঞ্জীয়া মানুহে প্ৰত্যাখান কৰিছে বুলি মন্তব্য় কৰি অখিল গগৈয়ে কয়,” সেয়েহে এতিয়া মুছলমান আৰু মিঞাৰ ভোটেৰে নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ অসমৰ চাৰিটা মিঞা অধ্যুষিত সমষ্টি দখলৰ বাবে এতিয়া মুখ্যমন্ত্ৰীয়ে সংকল্প লৈছে ।”

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…