তনু শ্বাহীৰ পক্ষত নেকি অখিল গগৈ! দুলীয়াজান কাণ্ডত ছান্দাজীৱিৰ মুখা খুলিলঃ অখিল গগৈ

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আজি দুলীয়াজানত বিহাৰী যুৱতী তনু শ্বাহীৰ মন্তব্য আৰু শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সংবাদমাধ্যমৰ মুখামুখি হৈ দিয়া মন্তব্যত অখিল গগৈয়ে অসমৰ জাতীয়তাবাদী সংগঠন তথা যুৱকসকলক “ছান্দাজীৱি” বুলি কটাক্ষ কৰে।

অখিল গগৈয়ে কয়, “শংকৰ জ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ ক্ষেত্ৰত মই তীব্ৰ বিৰোধিতা কৰিছোঁ। শৃংখল চলিহাৰ গ্ৰেপ্তাৰো মই তীব্ৰভাৱে বিৰোধিতা কৰিছিলোঁ আৰু তেওঁক মুক্তি দিয়াৰ দাবীো উত্থাপন কৰিছিলোঁ। কিন্তু তাৰ লগে লগে যদি কিছুমানে আনৰ ব্যৱসায় দখল কৰিবলৈ যায়, তেনে কাম সহ্যযোগ্য নহয়।”

তেওঁৰ মতে, তনু শ্বাহী যি মন্তব্য কৰিছে, সেই মন্তব্যত কিছুমান সত্যতা আছে। “তেওঁ অসমৰ কিছুমান যুৱকৰ মুখা উন্মোচিত কৰিছে।

অখিল গগৈয়ে স্পষ্টকৈ কয় – “অসমীয়াৰ জাতীয়তাবাদ মানে অন্যৰ ব্যক্তিগত ব্যৱসায়ত হস্তক্ষেপ কৰা নহয়। এই জাতীয়তাবাদ উৎপাদনমুখী, গঠনমূলক হ’ব লাগে। কাকো মাৰধৰ কৰাটো জাতীয়তাবাদ নহয়।”

তেওঁ অভিযোগ তোলে, “এই ঘটনাটোক দুজন ব্যৱসায়ীৰ মাজৰ কাৰবাৰীৰ বিবাদ হিচাপে চাব লাগিব। কিন্তু আমাৰ কিছুমান ল’ৰাই এই বিবাদক আক্রমণৰ সুযোগ হিচাপে ব্যৱহাৰ কৰিছে। তাৰ পিছতেই সেই ছোৱালীজনে তেওঁলোকক গালি দিছে, যাক অসমীয়া জাতিক গালি দিয়া বুলি প্ৰচাৰ কৰা হৈছে। এইটো অলপ চিন্তা কৰি চাবলগীয়া বিষয়।”

অখিল গগৈয়ে এই মন্তব্যৰ জৰিয়তে তনু শ্বাহীৰ কথাক কিছু পৰিমাণে সমৰ্থন জনাই যোৱাটো স্পষ্ট, লগতে শংকৰ জ্যোতি বৰুৱা, শৃংখল চলিহাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদো প্ৰকাশ কৰিছে।

তেওঁৰ ‘ছান্দাজীৱি’ শব্দ ব্যৱহাৰ, আৰু অসমৰ যুৱ সংগঠনক হেয় কৰা মন্তব্যই এই মুহূর্তত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অখিল গগৈৰ এই মন্তব্যে দুলীয়াজান কাণ্ডৰ বিতৰ্কক নতুন দিশ দিলে, আৰু তেওঁৰ নিজ সংগঠনক সহায়ক হোৱাৰ পৰিৱৰ্তে “আক্রমণকাৰী” বুলি আখ্যা দিয়াৰ ফলত জনসাধাৰণৰ মাজত প্ৰশ্ন উঠিছে—আচলতে অখিল গগৈ কোনৰ পক্ষত?

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ