
বৰপেটা জিলাৰ ভেল্লা খনকাৰপাৰা গাঁৱত আজি পুনৰ এবাৰ শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ খনকাৰপাৰা গাঁৱত আজি দিনৰভাগত মৰ্মান্তিক কাণ্ড সংঘটিত হয়৷ গাঁওখনৰ ভেল্লা খনকাৰপাৰা গাঁৱৰ হাৰুণ আলীৰ কনিষ্ঠ পুত্র আল কালামৰ আকস্মিক মৃত্যু হয়৷ ভেল্লা বজাৰস্থিত হাৰ্ডওৱেৰ দোকানৰ ইনভাৰ্টাৰৰৰ শ্বৰ্ট চাৰ্কিটৰ ফলত আকস্মিক মৃত্যু হয়। ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও মৃত ঘোষণা কৰে। এই ঘটনাই বৃহত্তৰ ভেল্লাত শোকৰ ছাঁ পেলাইছে৷ ১৯ বছৰীয়া আল কালাম এজন সুঠাম দেহৰ আৰু অতি ভদ্র আৰু নম্ৰ আছিল। বিগত বছৰ অক্টোবৰ মাহত জ্যেষ্ঠ ভাতৃ ঈদুল ওৰফে আইনুলৰ বাইক দুৰ্ঘটনাত আকস্মিক মৃত্যুক হৈছিল। এটা বছৰতে দুই ভাতৃক হৰুৱাই পিতৃ-মাতৃ দিশহাৰা হৈ পৰিছে।