সহজলভ্য হৈ পৰিল আইফোন16…

আইফোন প্ৰেমীসকলৰ বাবে ডাঙৰ অফাৰ আগবঢ়াইছে মুকেশ আম্বানীয়ে। ইয়াৰ জৰিয়তে অতি কম মূল্যত আপুনিও ক্ৰয় কৰিব পাৰিব আইফোন16 ।

দৰাচলতে ৰিলায়েন্স ডিজিটেলে আইফোন16ত বিক্ৰীত বিপুল ৰেহাই আগবঢ়াইছে। এনে পৰিস্থিতিত যদি আপুনি এপ’লৰ শেহতীয়া স্মাৰ্টফোন কিনাৰ কথা ভাবিছে,তেন্তে এইটো আপোনাৰ বাবে সুবৰ্ণ সুযোগ। মূল্য হ্ৰাস কৰাৰ উপৰিও কোম্পানীয়ে বেংকৰ অফাৰো দিছে।

এপ’ল আইফোন16ৰ ১২৮জিবি ভেৰিয়েন্ট প্ৰথমে ৭৯,৯০০ টকাত মুকলি কৰা হৈছিল। কিন্তু ৰিলায়েন্স ডিজিটেলত ইয়াৰ মূল্য ১৫০০ টকাৰ ৰেহাইৰ সৈতে তালিকাভুক্ত কৰা হৈছে। অৰ্থাৎ এই ফোনত ১৫০০ টকাৰ আপফ্ৰন্ট ৰেহাই দিয়া হৈছে। মাত্ৰ ৭৮,৪০০ টকাত প্লেটফৰ্মত মুকলি কৰি দিয়া হৈছে।

আনহাতে আইফোন16 প্ৰ’ফোনটো ৰিলায়েন্স ডিজিটেলত প্ৰকৃত মূল্যতে বিক্ৰী কৰা হৈছে। কিন্তু, বহু বেংক ক্ৰেডিট কাৰ্ডেৰে ক্ৰয় কৰিলে ৪,০০০ টকাৰ ৰেহাই দিয়া হৈছে। আইফোন16 প্ৰ’ৰ প্ৰকৃত লঞ্চ মূল্য ১,১৯,৯০০ টকা। কিন্তু ১,১৫,৯০০ ৰেহাই মূল্যত আপুনি ফোনটো ক্ৰয় কৰিব পাৰিব।

ইয়াৰ উপৰিও আৰু এটা বেংক অফাৰ দিয়া হৈছে। যদি আপুনি আইচিআইচিআই, এছবিআই বা ক’টাক বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে ৫০০০ টকাৰ অতিৰিক্ত ৰেহাই লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও এই ফোনটো বিনামূলীয়া ইএমআইত কিনিব পাৰিব।

ইয়াৰ লগে লগে ফোনটোৰ সম্পূৰ্ণ মূল্য এবাৰতে দিয়াৰ পৰিৱৰ্তে মাহিলী ধন পৰিশোধ কৰিব লাগিব। ফলস্বৰূপে এই ফোনটো বহু লোকৰ বাবে বাজেট-ফ্ৰেণ্ডলী হৈ পৰিছে। আপোনালোকক জনাওঁ যে এই ফোনটো লঞ্চ হোৱাৰ কেইমাহমানৰ পিছতহে এই ৰেহাই উপলব্ধ হৈছে।

  • Brahmaputra Times

    Related Posts

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    প্ৰধানমন্ত্ৰী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিজ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    বিৰোধী উপ-দলপতি গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদান কৰাৰ বাবে লোকসভা সচিবালয়ক নিৰ্দেশ দিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । লোকসভাৰ অধ্যক্ষৰ নিৰ্দেশত লোকসভা সচিবালয়ে সাংসদসকলৰ বাবে অষ্টদশ লোকসভাৰ আসনৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…