

ডিজিটেল ডেস্কঃ দেশৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ পৰিয়ালৰ সকলোকে হয়তো আপুনিও চিনি পায়। কাৰ ভাগত কিমান সম্পত্তি পৰিছে, সেই হিচাপো হয়তো আপুনি কৰবাত পঢ়িছে। কিন্তু আপুনি জানেনে আম্বানীৰ পৰিয়ালৰ সদস্যসকল কিমান শিক্ষিত?
- ধীৰুভাই আম্বানী (১৯৩২-২০০২)
ধীৰুভাই আম্বানীয়ে আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰা নাছিল। তেওঁ খুব কম বয়সতে কাম কৰা আৰম্ভ কৰিছিল আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ প্ৰতিষ্ঠা কৰিছিল।
- মুকেশ আম্বানী
স্নাতক ডিগ্ৰী: কেমিকেল ইঞ্জিনিয়াৰিং, ইনষ্টিটিউট অফ কেমিকেল টেকন’লজী (আইচিটি), মুম্বাই।
স্নাতকোত্তৰ ডিগ্ৰী: এমবিএ (অসম্পূৰ্ণ), ষ্টেনফৰ্ড বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ।
- নীতা আম্বানী
স্নাতক ডিগ্ৰী: বাণিজ্য, নাৰ্চি মনজী কলেজ অফ কমাৰ্চ এণ্ড ইকনমিক্স, মুম্বাই।
- অনিল আম্বানী
স্নাতক ডিগ্ৰী: বিজ্ঞান, কিষাণচান্দ চেল্লাৰাম কলেজ, মুম্বাই।
স্নাতকোত্তৰ ডিগ্ৰী: এমবিএ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুল।
- টিনা আম্বানী
স্নাতক ডিগ্ৰী: আৰ্ট এণ্ড ইণ্টেৰিয়ৰ ডিজাইন, জয় হিন্দ কলেজ, মুম্বাই।
- আকাশ আম্বানী
অৰ্থনীতিত স্নাতক ডিগ্ৰী, ব্ৰাউন বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ।
- ঈশা আম্বানী
স্নাতক ডিগ্ৰী: মনোবিজ্ঞান আৰু দক্ষিণ এছিয়ান অধ্যয়ন, য়েল বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ।
স্নাতকোত্তৰ ডিগ্ৰী: এমবিএ, ষ্টেনফৰ্ড গ্ৰেজুৱেট স্কুল অফ বিজনেছ, আমেৰিকা যুক্তৰাষ্ট্ৰ।
- অনন্ত আম্বানী
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰাউন বিশ্ববিদ্যালয়ত অধ্যয়ন। (ডিগ্ৰী বিৱৰণ পৰিয়ালটোয়ে ৰাজহুৱা কৰা নাই)।
- জয় আনমোল আম্বানী (অনিল আৰু টিনা আম্বানীৰ পুত্ৰ)
বিজ্ঞান (অৰ্থনীতি), ৱাৰউইক বিজনেছ স্কুল, ইউকেত স্নাতক ডিগ্ৰী।
- জয় অংশুল আম্বানী (অনিল আৰু টিনা আম্বানীৰ পুত্ৰ)
নিউয়ৰ্ক বিশ্ববিদ্যালয়ত অধ্যয়ন (ডিগ্ৰী বিৱৰণ পৰিয়ালটোয়ে ৰাজহুৱা কৰা নাই)।