
গুৱাহাটীঃ কামৰূপ জিলাৰ আমিনগাঁৱত এতিয়া আৰম্ভ হৈছে পিতা-পুত্ৰৰ সন্ত্ৰাস৷ এটা পৰিয়ালক দিন-দুপৰতে হত্যাৰ প্ৰয়াস কৰিছে দুই গুণ্ডা নন্দ লাল ৰয় আৰু তেওঁৰ পুত্ৰ ৰাজা ৰয়ে৷ দুৰ্ভগীয়া ৰাজেশ কুমাৰ নামৰ লোকজনৰ ভূমি দখল কৰাই নহয় হত্যাৰ প্ৰয়াস কৰে গুণ্ডা নন্দ লাল ৰয় আৰু তেওঁৰ পুত্ৰ ৰাজা ৰয়ে৷ আমিনগাঁৱৰ শিলা গ্ৰাণ্ট টাউনত ৰাজেশ কুমাৰৰ পৰিয়ালৰ ভূমি বলপূৰ্বক দখল কৰিয়েই ক্ষান্ত নাথাকিল নন্দলাল আৰু পুত্ৰ ৰাজাই৷ দেওবাৰে ৰাজেশ কুমাৰক বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যাৰ প্ৰয়াস কৰে নন্দলাল আৰু পুত্ৰ ৰাজাই৷
চৰকাৰ, অসম আৰক্ষী, মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কক কেৰেপ নকৰা এটা গুণ্ডা নন্দলাল আৰু পুত্ৰ ৰাজাই৷ এই গুণ্ডা বাহিনীটোৱে ৰাজেশ কুমাৰৰ পৰিয়ালৰ সকলো সদস্যক হত্যা কৰিবলৈ খেদি লৈ ফুৰিছে৷ ইতিমধ্যে বৰ্বৰ আক্ৰমণৰ বলি দুৰ্ভগীয়া পৰিয়ালটোৱে প্ৰাণ মমতাত নিশা পলাই থাকিবলগীয়া হৈছে৷ জানোচা নিশাৰ অন্ধকাৰত ৰাজেশ কুমাৰৰ পৰিয়ালক হত্যা কৰি থৈ যায় নন্দলাল আৰু পুত্ৰ ৰাজাই৷ ৰাজেশ কুমাৰে এজাহাৰ দাখিল কৰিছে যদিও আমিনগাঁও আৰক্ষীৰ ভূমিকা সন্দেহজনক৷ এই পৰ্যন্ত হত্যাৰ চলেৰে আক্ৰমণ কৰা তথা ভূ-মাফিয়া নন্দলাল আৰু পুত্ৰ ৰাজাক গ্ৰেপ্তাৰ কৰিব পৰা নাই আমিনগাঁও আৰক্ষীয়ে৷ আৰক্ষীয়ে পিতা-পুত্ৰক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে৷
আমিনগাঁৱৰ শিলা গ্ৰাণ্ট টাউনত ৰাজেশ কুমাৰৰ পিতৃৰ নামত আছে এডোখৰ ভূমি৷ দশকৰ পাছত দশক ধৰি সেই ভূমি ৰাজেশ কুমাৰৰ দখলত থকা ভূমিত চকু পৰিল মাফিয়া নন্দলাল আৰু পুত্ৰ ৰাজাৰ৷ তাৰ পাছতে সেই ভূমি ভুৱা তথ্যৰে নামত কৰি লৈ দখলত নামে পিতা-পুত্ৰ৷ দেওবাৰে অবৈধ দখলত বাধা দিয়াত ৰাজেশ কুমাৰক বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যাৰ প্ৰয়াস কৰে৷ আমিনগাঁও আৰক্ষীত এজাহাৰ দিয়াৰ পাছতো ব্যৱস্থা নোলোৱাত সৰৱ হৈছে ৰাজেশ কুমাৰ৷ ৫ দিন উকলি যোৱাৰ পিছতো আজিও মুকলি আকশৰ তলত নন্দলাল আৰু পুত্ৰ৷ ৰাজেশ কুমাৰৰ পিতৃৰ নামৰ মাটি কিদৰে নামজাৰি কৰিলে নন্দলালে৷ কিহৰ স্বাৰ্থত আৰক্ষীয়ে ৰক্ষণা-বেক্ষণ দিছে নন্দলাল আৰু পুত্ৰ ৰাজাক?