চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি সমষ্টিত বিগত প্ৰায় ২৫ বছৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনে জংঘলৰাজ চলাই অহাৰ অভিযোগ উত্থাপন কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে ।

তেওঁ কয়, “চামগুৰি সমষ্টিত প্ৰায় ২৫ বছৰে ৰকিবুল হুছেইনে জংঘলৰাজ চলাই আহিছে । বিগত সময়ত বিৰোধীৰ কোনো নেতা-কৰ্মীকেই চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ নেতৃত্বৰ কংগ্ৰেছৰ একাংশ কৰ্মী-সমৰ্থকে প্ৰৱেশ কৰিব দিয়া নাছিল । চামগুৰি সমষ্টিতেই অসমৰ ভিতৰত সৰ্বাধিক গুণ্ডাৰাজ চলি আহিছে । সৰ্বাধিক নিৰ্বাচনী হিংসাও চামগুৰি সমষ্টিতেই সংঘটিত হৈ আহিছে।

আনহাতে, চামগুৰি সমষ্টিত মুক্ত গণতন্ত্ৰ কেতিয়াবাই হত্যা কৰা হৈছে বুলিও বিধায়ক আমিনুল ইছলামে মন্তব্য কৰে । তেওঁ কয়, “বিৰোধী দলৰ নেতা-কৰ্মীক আক্ৰমণ, মাৰপিট আদি চামগুৰি সমষ্টিৰ বাবে নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে ।” মঙলবাৰে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ ঘটনাক গৰিহণা দি সমষ্টিটোত শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনায় বিধায়ক আমিনুল ইছলামে ।

উল্লেখ্য যে বিগত প্ৰায় ২৩বছৰ ৰকিবুল হুছেইনৰ দখলত থকা সমষ্টিটো দখলৰ বাবে কংগ্ৰেছৰ সমান্তৰালকৈ বিজেপিয়ে তৎপৰতা অব্যাহত ৰখাৰ মাজতে সুযোগৰ সন্ধানত আছে বিৰোধী এ আই ইউ ডি এফ দলো । সমষ্টিটো দখলৰ বাবে কংগ্ৰেছ আৰু বিজেপিৰ মাজত মাৰপিট, সংঘাত চলি থকাৰ মাজতে সমষ্টিটোৰ শান্তিপ্ৰিয় ভোটাৰৰ ভোটেৰে সমষ্টিটো এ আই ইউ ডি এফ দলেই দখল কৰিব বুলিও আশাবাদী বিধায়ক আমিনুল ইছলাম । অৱশ্যে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে এই পৰ্যন্ত ঘোষণা অথবা চৰ্চালৈ অনা নাই কোনো প্ৰাৰ্থীৰ নাম ।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে