সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰঃ অমিত শ্বাহ

“সন্ত্ৰাসমুক্ত দেশ গঢ়িবলৈ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ”- এই আশ্বাস প্ৰদান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।শেহতীয়াকৈ জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ কেইবাটাও ঘটনা সংঘটিত হৈছে । ফলত আতংকিত হৈ পৰিছে দেশবাসী। এনে সময়তে গৃহ মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া সন্ত্ৰাসবাদ বিৰোধী সন্মিলনৰ পূৰ্বে ৰাইজক উদ্দেশ্যি এইদৰে মন্তব্য কৰে ।

তেওঁ কয় যে, “মোদী চৰকাৰে শূন্য সহনশীলতাৰ নীতিৰে সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া দুদিনীয়া সন্ত্ৰাসবাদ বিৰোধী সন্মিলনে ভাৰতৰ নিৰাপত্তা দুৰ্গ শক্তিশালী কৰাৰ বাবে সংস্থাসমূহৰ মাজত সমন্বয় আৰু বৃদ্ধি কৰিব । কাইলৈ সন্মিলনখন সম্বোধন কৰিবলৈ আগ্ৰহেৰে ৰৈ আছো ।”

গৃহ মন্ত্ৰালয়ে এক বিবৃতিত উল্লেখ কৰে যে সন্ত্ৰাসবাদ বিৰোধী সন্মিলনত এক একত্ৰিত, ‘সমগ্ৰ চৰকাৰ’ দৃষ্টিভংগীৰ জৰিয়তে সন্ত্ৰাসবাদৰ মোকাবিলা কৰাৰ বাবে বিভিন্ন অংশীদাৰসকলৰ মাজত সমন্বয় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । অনুষ্ঠানটো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ৰ দ্বাৰা আয়োজিত কৰা হ’ব আৰু ভৱিষ্যতৰ সন্ত্ৰাসবাদ বিৰোধী নীতি আৰু ৰণনীতি গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হ’ব ।

গৃহ মন্ত্ৰালয়ে বিবৃতিত উল্লেখ কৰা মতে এই সন্মিলনে জ্যেষ্ঠ আৰক্ষী বিষয়া, কেন্দ্ৰীয় সংস্থাৰ বিষয়া লগতে আইন, ফৰেনচিক আৰু প্ৰযুক্তিৰ বিশেষজ্ঞসকলক একত্ৰিত কৰি সন্ত্ৰাসবাদ বিৰোধী আইনী পৰিকাঠামো, গোচৰৰ প্ৰত্যাহ্বান আৰু উদীয়মান প্ৰযুক্তিৰ ভূমিকাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰিব ।

আলোচনাত সমগ্ৰ ভাৰতত চলি থকা সন্ত্ৰাসবাদী নেটৱৰ্কসমূহ ধ্বংস কৰাৰ বাবে আন্তৰ্জাতিক আইনী সহযোগিতা আৰু ৰণনীতিৰ বিষয়েও আলোচনা কৰা হ’ব । সন্ত্ৰাসবাদ বিৰোধী সন্মিলন-২০২৪ৰ মূল গুৰুত্ব হৈছে ‘সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰ’ ভাৱনাৰে সন্ত্ৰাসবাদৰ বিপদৰ বিৰুদ্ধে সমন্বিত পদক্ষেপৰ বাবে সহযোগিতা স্থাপন কৰি বিভিন্ন অংশীদাৰসকলৰ মাজত সমন্বয় বিকাশ কৰা ।

  • Related Posts

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাঁটি লক্ষ্য কৰি চলোৱা অপাৰেশ্যন সেন্দূৰ-ৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আজি সকলো দলৰ নেতাৰে এক বৈঠক আহ্বান কৰে। এই বৈঠকখন ৰক্ষা মন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ