
কেদ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিশেষ ঘোষণা কৰিছে৷ শ্বাহে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নাম সলনি কৰাৰ ঘোষণা কৰে। প’ৰ্ট ব্লেয়াৰৰ পৰিৱৰ্তে এতিয়াৰ পৰা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নাম শ্ৰী বিজয়া পুৰম বুলি জনা যাব৷ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নতুন নাম হ’ব শ্ৰী বিজয়া পুৰম। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে গৃহমন্ত্ৰী অমৃত শ্বাহে।