আজি অনিমেষ ভূঞাৰ তৃতীয় মৃত্যু বাৰ্ষিকী!

আজি যোৰহাট মাৰোৱাৰী পট্টিত যোৰহাট জিলা ছাত্র সন্থাৰ আহ্বানত অনিমেষৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী পালন কৰা হয় । আছুৰ লগতে বিভিন্ন দল-সংগঠন আৰু যোৰহটীয়া ৰাইজৰ উপস্থিত হৈ অনিমেষৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অপৰ্ণ কৰা লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিবলৈ দাবী উত্থাপন কৰে ।

আনহাতে আজি তৃতীয় মৃত্যু বাৰ্ষিকৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে কয়, “ৰজাঘৰৰ মন্ত্ৰী, আমোলা, বিষয়াই প্ৰতিশ্ৰুতি দিছিল যে অনিমেষৰ মৃত্যুস্থানত তথা যোৰহাটৰ মাৰোৱাৰী পট্টিত অনিমেষ ভূঞাৰ এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হ’ব । তাত ড্ৰাগছৰ ভয়ৱহতাৰ প্ৰকৃত ছবিখন প্ৰতিফলিত হ’ব ৷ অনিমেষৰ পৰিয়ালৰ কোনো এজন লোকক চৰকাৰী সংস্থাপনৰ লগতে তেওঁৰ জন্মস্থান দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত নিৰ্মাণ কৰা সাংস্কৃতিক প্ৰকল্প তথা ক্ৰীড়া প্ৰকল্প তেওঁ নামেৰে নামকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি যেন আজি তিনিবছৰে প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল ।”

তেওঁ লগতে কয়, “এনেবোৰ প্ৰতিশ্ৰুতি ৰূপায়ণ কৰাৰ বাবে ৰজাঘৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব নেকি ? আনহাতে আইনী প্ৰক্ৰিয়া চলি থকাৰ মাজতে উক্ত ঘটনাত জড়িতসকল মুকলি আকাশৰ তললৈ আহিল ৷ সেই অপৰাধীসকলৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, সেয়া ৰজাঘৰৰ দায়িত্ব । কিন্তু সেই প্ৰতিশ্ৰুতি আৰু দায়িত্ব পালনৰ বাবে চৰকাৰে ছাত্র সন্থাক আন্দোলনৰ পথলৈ পুনৰ উলিয়াই আনিব নেকি ? যদি কৰে তেনেহ’লে ৰাজপথত আন্দোলন কৰিবলৈ ছাত্র সন্থা সদা প্ৰস্তুত ।”

আনহাতে যোৰহাট জিলা ছাত্র সন্থাৰ সভাপতি প্ৰীতম জ্যোতি শইকীয়াই কয়, “অনিমেষ ভূঞাৰ ঘৰত উপস্থিত হৈ ৰাজ্যৰ বৰ্তমানৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে বহু প্ৰতিশ্ৰুতি দিছিল । লগতে জিলা আয়ুক্তৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা ছাত্র সন্থাৰ আলোচনাত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ ১৫ দিনৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু তিনি বছৰে সেয়া পূৰণ নহ’ল । আমাৰ সন্দেহ হয় যোৰহাটবাসী সহযোগত আছুৱে কৰা প্ৰতিবাদ লঘু কৰিবলৈ এনেধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে । আমি দাবী জনাইছো সেই সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ কথা ৰাখক ।”

ঘটনা সময়ত অনিমেষৰ সৈতে একেলগে থকা তেওঁৰ বন্ধু মৃদুস্মন্তই কয়, “আমি অনিমেষৰ স্মৃতিসমূহ ধৰি ৰাখিব নোৱাৰিলোঁ । এইয়া আমাৰ বাবে দুৰ্ভাগ্যজনক । লগতে আমাৰ সন্দেহ হৈছে আইনী প্ৰক্ৰিয়াৰ সুৰুঙাৰ মাজেৰে দোষীয়ে সাৰি যাব নেকি ? আমি ৰজাঘৰৰ প্ৰতি এটাই আহ্বান জনাওঁ যে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰক ।”

আনহাতে, আজি সদৌ যোৰহাট জিলা ছাত্র সন্থাৰ আহ্বানত ৰাইজৰ সহযোগত যোৰহাটৰ মাৰোৱাৰী পট্টি তথা যি স্থানত ঘটনাটো সংঘটিত হৈছিল সেই স্থানত তৃতীয় মৃত্যু বাৰ্ষিকী অনুষ্ঠান পালন কৰা হয় । বিভিন্ন দল-সংগঠন আৰু যোৰহাটীয়া ৰাইজে অমায়িক ছাত্র নেতাজনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে নাম-কীৰ্তন অনুষ্ঠানৰ আয়োজন কৰে ।

ইফালে অনিমেষ ভূঞাৰ হত্যাকাণ্ড গোচৰৰ লোক অধিবক্তা ৰিণ্টু গোস্বামীয়ে কয়, “এই ঘটনা লগত জড়িত থকা অপৰাধত ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল, ইয়াৰে এজন অভিযুক্ত ক’লা লৰা ওৰফে নীৰজ দাসৰ মৃত্যু হৈছে আৰু এজন আছিল নাবালক । মুঠ ১২ জনৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছে । গোচৰটো সাক্ষী সংখ্যা ৯০ জন আৰু বৰ্তমানলকৈ ৭৫ বা ৭৬ জনৰ সাক্ষী লোৱা হৈছে । সংখ্যা হিচাপত কলে ৭২ জনে আদালত সাক্ষী দিছে আৰু ১৫ জন বাকী আছে । সাক্ষীৰ সংখ্যা সৰ্বাধিক হোৱাৰ বাবে এই প্ৰক্ৰিয়াটো দীঘলীয়া হৈছে । এই গোচৰ প্ৰক্ৰিয়া ২০২২চনৰ এপিল মাহৰ পৰা আৰম্ভ হৈছে আৰু ৰাজ্য চৰকাৰে ২০২২ বৰ্ষৰ আগষ্ট মাহত এই গোচৰটো বাবে লোকঅধিবক্তা হিচাপে মোক নিয়োগ কৰিছিল । সম্ভৱতঃ ৬ মাহৰ ভিতৰত গোচৰটো সাক্ষী প্ৰদান প্ৰক্ৰিয়াটো সমাপ্ত হ’ব ।”

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…