উৎসৱৰ বতৰত উদণ্ড যুৱকক নিয়ন্ত্ৰণ কৰিবলৈ সাজু ‘এণ্টি ৰোমিঅ’ স্কোৱাড’…

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ সময়ত বৃদ্ধি পোৱা ৰোমিঅ’সকলক নিয়ন্ত্ৰণ কৰিবলৈ গঠন কৰা হৈছে এণ্টি ৰোমিঅ’ স্কোৱাড।শিলচৰ আৰক্ষীয়ে গঠন কৰিছে এই এণ্টি ৰোমিঅ’ স্কোৱাড। যুৱতী, মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু উদণ্ড যুৱকক নিয়ন্ত্ৰণ কৰিবলৈ গঠন কৰা হৈছে এই এণ্টি ৰোমিঅ’ স্কোৱাড।

দুৰ্গা পূজাৰ মাদকতা লাভ কৰাৰ ক্ষেত্ৰত যাতে কোনো অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সজাগ, সচেতন হৈ আছে কাছাৰ জিলা আৰক্ষী। জিলাখনত দুৰ্গা পূজা শান্তিৰে অনুষ্ঠিত কৰাৰ বাবে জিলা আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত গঠন কৰা হৈছে এই এণ্টি ৰোমিঅ’ স্কোৱাড।

এই স্কোৱাডে পূজাৰ সময়ছোৱাত শিশু, মহিলাসহ যুৱতীসকলৰ সুৰক্ষাৰ বাবে গঠন কৰা এই স্কোৱাডত মহিলা, পুৰুষ আৰক্ষী সকলোকে লৈ গঠন কৰা হৈছে। স্কোৱাডত আছে মহিলা আৰক্ষী বাইকাৰ্ছো। তেওঁলোকে সকলো প্ৰান্ততে নিৰন্তৰ সকলো দিশ চোৱাচিতা কৰিব।

মন কৰিবলগীয়া যে, দুৰ্গোৎসৱৰ সময়ছোৱাত সমগ্ৰ শিলচৰ চহৰ জনসমুদ্ৰত পৰিণত হয়। ফলত শিশুসহ মহিলাসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। জনসমাগমৰ ভিৰত বিশেষকৈ চহৰৰ বিভিন্ন প্ৰান্তত বাইকেৰে ঘূৰি ফুৰা একাংশ উদণ্ড যুৱকে মহিলা আৰু যুৱতীসকলৰ সৈতে অশ্লীল আচৰণত লিপ্ত হয় ৷

 

  • Brahmaputra Times

    Related Posts

    মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

    কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি হাইলাকান্দিত এক দলীয় সভাত অংশ লোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য…

    দুৰ্গা পূজাৰ বিজয়া দশমীৰ বাবে ডাঙৰ ঘোষণা কাছাৰ জিলা প্ৰশাসনৰ

    দুৰ্গা পূজা উৎসৱৰ পূৰ্বে কাছাৰ জিলা প্ৰশাসনে যোৱা ২৪ ছেপ্টেম্বৰত বিভিন্ন পূজা সমিতিৰ বিষয়ববীয়াৰ সৈতে এক বৈঠক আহ্বান কৰি নীতি-নিৰ্দেশনা আৰু মহোৎসৱ শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে পালন কৰাটো নিশ্চিত কৰে। কাছাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক