APSCৰ কৃষি বিষয়া নিযুক্তি কেলেংকাৰী, ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অসম লোকসেৱা আয়োগত সংঘটিত নিয়োগ কেলেংকাৰীক লৈ আজি বিশেষ ন্যায়ধীশৰ আদালতে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে৷ কৃষি বিভাগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰৰ দোষী সাব্যস্ত মুখ্য অভিযুক্তসকলৰ শাস্তি ঘোষণা কৰে৷ মুখ্য অভিযুক্ত অসম লোকসেৱা আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ২ লাখ টকাৰ জৰিমনা বিহে বিশেষ ন্যায়ধীশৰ আদালতে৷ তদানীন্তন লোকসেৱা আয়োগৰ সদস্য ছামেদুৰ ৰহমান আৰু কৰ্মচাৰী বসন্ত দলেক ১০ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহে বিশেষ ন্যায়ধীশৰ আদালতে।

ইপিনে বক্ৰ পথেৰে চাকৰি লোৱা ২৯ অভিযুক্তক ৪ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাকৈ জৰিমনা বিহে আদালতে। ৰোষেশ্বৰ টিমুং, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, চাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা দেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া আৰু প্ৰীতি দাসক শাস্তি বিহা হয়৷

তৰুণ গগৈ চৰকাৰৰ দিনত অসম লোকসেৱা আয়োগত এই নিয়োগ কেলেংকাৰী সংঘটিত হৈছিল৷ তদানীন্তন সৰ্বানন্দ সোণোৱাল চৰকাৰে এই কেলেংকাৰীৰ তদন্ত ঘোষণা কৰিছিল৷ ভঙাগড় আৰক্ষী থানাত ১৫৯/১৭ নম্বৰত কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰ ৰুজু হৈছিল৷ এই গোচৰৰ তদন্ত কৰিবলৈ বিশেষ সমিতি গঠন কৰা হৈছিল৷ অভিযুক্ত কৰা হৈছিল ৰাকেশ পাল, ছামেদুৰ ৰহমান, বসন্ত দলেসহ ৩২ জনক। ২২ জুলাইত কৃষি উন্নয়ন বিষয়া নিযুক্ত কেলেংকাৰী গোচৰৰ ৰায়দান দি ১১ অভিযুক্ত দোষমুক্ত ঘোষণা কৰি আন আটাইকে দোষী সাব্যস্ত কৰিছিল আদালতে।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ