নিৰ্বাচনকলৈ সাজু! আৰম্ভ হিতাধিকাৰীৰ ৰাজনীতি…

পঞ্চায়ত নির্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে হিতাধিকাৰীৰ ৰাজনীতি । ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন । লগতে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ । সেয়েহে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ভিন্ন আঁচনিৰে চমক দিয়াৰ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে ।

ৰাজ্যত মহিলা হিতাধিকাৰী সৃষ্টিৰ মুখ্য আঁচনিখনেই হৈছে ‘অৰুণোদয় আঁচনি ‘। নতুনকৈ ১০ লাখৰো অধিক মহিলা হিতাধিকাৰীক সামৰি অৰুণোদয় ৩.০ ৰ যোগেদি দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাসকললৈ আৰ্থিক সাহার্য আগবঢ়াব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় পষেক সম্পৰ্কে সাংবাদ মাধ্যমত দিয়া বাৰ্তাত কয় যে দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকক সকাহ দিবলৈ অৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছিল । আৰম্ভণিৰ সময়ত ২০ লাখতকৈ কম হিতাধিকাৰী আছিল । অৰুণোদয়ৰ দ্বিতীয় সংস্কৰণত হিতাধিকাৰীৰ সংখ্যা ২৭ লাখলৈ বৃদ্ধি পায় । লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সভা-সমিতিত যাওঁতে আঁচনিখনক আৰু সম্প্ৰসাৰণ কৰিব বুলিও মুখ্য়মন্ত্ৰীগৰাকীয়েও মন্তব্য় কৰিছে । সেয়ে অৰুণোদয় ৩.০ সংস্কৰণৰ চৰকাৰে অনুমোদন জনাইছে ।

১৫- ২৮ ডিচেম্বলৈ ৰাজ্যত অৰুণোদয় পষেক :

অৰুণোদয় পষেকৰ জৰিয়তে অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা ৩৭ লাখলৈ বৃদ্ধি পাব । ১০ লাখ হিতাধিকাৰী সংযোজন কৰা হ’ব । প্ৰতিটো সমষ্টিত ৮-৯ হাজাৰ হিতাধিকাৰী বৃদ্ধি হৈ একোটা সমষ্টিত প্ৰায় ৩০ হাজাৰ হিতাধিকাৰী হ’ব । প্ৰতিমাহে ৫০০ কোটি টকা অৰুণোদয় আঁচনিৰ নামত ব্য়য় হ’ব । আঁচনিখন আৰম্ভণিৰ সময়ত ২০ লাখতকৈ কম হিতাধিকাৰী আছিল । অৰুণোদয় ২.০ সময়ত ইয়াৰ সংখ্যা ২৭ লাখলৈ বৃদ্ধি হয় ।

হিতাধিকাৰীৰ সংখ্যা ৩৭ লাখলৈ বৃদ্ধি পাব :

আৰম্ভ হৈছে অৰুণোদয় পষেক । ৰাজ্য চৰকাৰৰ বিজ্ঞাপন অনুসৰি অৰুণোদয়ত আবেদন কৰিবলৈ হিতাধিকাৰীৰ যোগ্যতাৰ প্ৰয়োজন হয় । আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে বর্তমান তেওঁ অসমতে বাস কাৰাটো বাধ্যতামূলক । আবেদনকাৰীৰ আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো জৰুৰী । এখন ৰেচন কাৰ্ড এগৰাকী অৰুণোদয় হিতাধিকাৰীয়েহে লাভ কৰিব ।

কোনে আবেদন কৰিব পাৰিব ?

বিধবা,অবিবাহিতা (৪৫ বছৰ বয়সৰ উৰ্ধৰ), বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা,তৃতীয় লিংগ, লিংগ নির্বিশেষে দিব্যাংগ ব্যক্তি (দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ অনুসৰি), চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্রমত থকা মহিলা তথা বৃদ্ধা/ৰুগীয়া মহিলা,পৰিয়ালৰ উপার্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ (৬০ বছব বয়সৰ উর্ধ্বৰ) অথবা দিব্যাংগ হ’লে তেনে ঘৰৰ মহিলা,এইচ আই ভি/ থেলাচেমিয়া/হিম’ফিলিয়া/চেৰিব্ৰেল পালচি/কুষ্ঠ/অ’টিজম, স্পেকট্রাম বিকাৰত আক্রান্ত ৰোগী থকা পৰিয়ালৰ মহিলা, আশ্রয়হীন পৰিয়ালৰ মহিলা,ভিক্ষাৰে জীৱন-নির্বাহ কৰা মহিলা,মুঠ বার্ষিক উপার্জন ২ লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলাই আবেদন লাভ কৰিব ।

কোনে কোনে কৰিব নোৱাৰিব আবেদন ?

সাংসদ, বিধায়ক, মুখ্য কার্যবাহী সদস্য, কার্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্রাক্তন বিধায়ক, প্রাক্তন মুখ্য কার্যবাহী সদস্য, প্রাক্তন কার্যবাহী সদস্যৰ পৰিয়াল, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ/যষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্রাম্য পৰিষদ উন্নয়ন সমিতি (ভি চি ডি চি) ৰ বর্তমানৰ সদস্যৰ পৰিয়াল,চিকিৎসক,অভিযন্তা,স্থাপত্যবিদ, চার্টার্ড একাউন্টেন্ট,বেংক বিষয়া,উকীলৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব ।

তদুপৰি বিশ্ববিদ্যালয়,মহাবিদ্যালয়,উচ্চতৰ মাধ্যমিক বিদ্যালয়,কনিষ্ঠ মহাবিদ্যালয়,উচ্চ মাধ্যমিক বিদ্যালয়,উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল (ঠিকাভিত্তিক/অস্থায়ী শিক্ষকক সামৰি) অংগনবাড়ী কর্মী, মধ্যাহ্ন ভোজন কর্মী, আশাকর্মী, আশা তত্ত্বাবধায়ক তথা গাঁওপ্রধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কর্মচাৰী,পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কর্মচাৰীৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব।

আনহাতে,আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগনীয়াৰ, ৰিয়েল ইস্টেট বিল্ডাৰ,উদ্যোগপতি,ব্যবসায়ৰ অনুজ্ঞা-পত্রপ্রাপ্ত ব্যক্তিৰ পৰিয়াল,আয়কৰ পৰিশোধ কৰা ব্যবসায়ী/উদ্যোগী,দোকানী,ব্য়ৱসায়ীৰ পৰিয়াল, চাৰিচকীয়া মটৰ বাহন থকা পৰিয়াল,অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় ৩.০ ৰ ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল,ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইন,২০১৩’ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নির্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালে আবেদন কৰিব নোৱাৰিব ।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…