
দিল্লী আবকাৰী নীতি কেলেংকাৰিত দুৰ্নীতিৰ অভিযোগত অভিযুক্ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চিবিআইৰ গ্ৰেপ্তাৰ আৰু জামিনত প্ৰত্যাহ্বান জনোৱা আবেদনৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰে। দুজন ন্যায়াধীশৰ বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত দিয়ে।
ইয়াৰ পূৰ্বে ন্যায়াধীশ সূৰ্য কান্ত আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে ৫ ছেপ্টেম্বৰত গোচৰটোৰ যুক্তি শুনাৰ পিছত এই সিদ্ধান্ত সংৰক্ষিত কৰি ৰাখিছিল।
দিল্লীৰ মুখ্যমন্ত্রীক কিছুমান চর্তত আৰু ১০ লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰা হৈছে। ইডি গোচৰত জামিন প্ৰদানৰ সময়ত দিয়া চৰ্তই প্ৰযোজ্য হ’ব।
ইয়াৰ পূৰ্বে মুখ্য ন্যায়ালয়ে মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো অবৈধ বুলি গণ্য কৰা নাছিল যদিও কোনো নেতাক বেছি দিন কাৰাগাৰত ৰাখিব নোৱাৰিব বুলি উল্লেখ কৰিছিল।
উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া চৰ্ত
➤ইডি গোচৰত জামিনৰ সময়ত পোৱা একে চৰ্ত উচ্চতম ন্যায়ালয়েও জাৰি কৰিছে।
➤ গোচৰৰ মেৰিটৰ ওপৰত কোনো ধৰণৰ বক্তব্য নিদিয়ে
➤কাৰ্যালয়লৈ যোৱা, চৰকাৰী কাম কৰা, গোচৰৰ ওপৰত মন্তব্য কৰাত নিষেধাজ্ঞা।
➤এনে পৰিস্থিতিত চৰকাৰৰ কাম-কাজত এতিয়াও সমস্যা থাকিব।
➤এনচিচিএছএৰ বৈঠকতো উপস্থিত থাকিব নোৱাৰিব।
➤দিল্লী সুৰা নীতিৰ সৈতে জড়িত বিষয়টোত তেওঁৰ ভূমিকা সন্দৰ্ভত কোনো মন্তব্য নকৰে।
➤তেওঁ কোনো সাক্ষীৰ সৈতে মত বিনিময় নকৰে বা গোচৰৰ সৈতে জড়িত কোনো চৰকাৰী ফাইলৰ সুবিধা নাপাব।