মন থাকিলেও যেন লগ নাই! বিষন্ন মনেৰে বিজেপি এৰিব অশোক শৰ্মাই, ৯ আগষ্টত কৰিব কংগ্ৰেছত যোগদান

ডিজিটেল সংবাদ,  গুৱাহাটী: দীৰ্ঘদিনীয়া বিসম্বাদৰ অন্ত পেলাই অৱশেষত বিজেপি এৰি কংগ্ৰেছত যোগদানৰ বাবে সাজু হৈছে নলবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। আজি বিজেপিৰ পৰা পদত্যাগ কৰাৰ পিছত অহা ৯ আগষ্টত তেওঁ আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বিগত দীৰ্ঘ সময়ৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ন-বিজেপিৰ পৰা উপেক্ষিত হৈ অহাৰ অভিযোগ কৰি আহিছিল প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। অসম বিজেপিৰ ভিতৰত বিসম্বাদৰ উকমুকনি উঠাৰ পিছত তেওঁ দল ত্যাগ কৰাৰ ঘোষণা কৰিছিল।

ইফালে অসমত বিজেপিৰ ভেটি স্থাপনৰ সময়ৰ পৰাই বিজেপিৰ সৈতে জড়িত হৈ থকা অশোক শৰ্মাই এতিয়া দল ত্যাগ কৰাৰ কাৰণ সন্দৰ্ভত কয়, “একাংশ নেতাৰ আচৰণ আৰু স্বেচ্ছাচাৰী মনোভাৱৰ বাবে দল ত্যাগ কৰিছোঁ। বিজেপিত এতিয়া আলফাৰ দৰে আচৰণ কৰা হৈছে।’’ তিনি বছৰ ধৰি দলত যন্ত্ৰণাময় জীৱন নিৰ্বাহ কৰাৰ অভিযোগ তুলি অশোক শৰ্মাই কয় যে বিজেপিত এতিয়া প্ৰমূল্যবোধৰ ৰাজনীতি নাই। হিন্দু-মুছলমানৰ ৰাজনীতি কৰাৰ বাবে ক্ষতি হ’ব বিজেপিৰ।

আনহাতে বিজেপিৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ পূৰ্বে শৰ্মাই বৃহস্পতিবাৰে কামাখ্যা আৰু উগ্রতাৰা মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়।

মন কৰিবলগীয়া যে, অশোক শৰ্মাৰ সমান্তৰালভাৱে আন এগৰাকী বিসম্বাদী বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়েও বিজেপি ত্যাগ কৰাৰ যো-জা চলোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে তেওঁ বুধবাৰে তিনিচুকীয়াত ন-পুৰণি বিজেপি নেতা-কৰ্মীৰ সৈতে মিলিত হৈ এই সন্দৰ্ভত আলোচনা কৰা বুলিও জানিব পৰা গৈছে।

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ