
অসম লোক সেৱা আয়োগৰ ‘কেছ-ফৰ-জব’ কেলেংকাৰী সন্দৰ্ভত গঠিত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে বিৰোধিক লক্ষ্য কৰি লয় ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ সমিতিৰ সভাপতি দিলীপ শইকীয়াই৷ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম থকা সকলোৰে বিৰুদ্ধে তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই৷ প্ৰয়োজনত এছআইটি গঠনৰ দাবী উত্থাপন কৰিছে দিলীপ শইকীয়াই৷ লগতে বিজেপি নেতা কমল কুমাৰ মেধিয়ে কেলেংকাৰীক নায়ক ৰাকেশ পালৰ পৰা ৩ লাখ লোৱা আৰু পৰিয়ালৰ ৯জন লোকক চাকৰি দিয়া বুলি বিজেপিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ নাম প্ৰতিবেদনত থকাত শইকীয়াই কয় যে বিজেপিৰ কোনো লোক দোষী সাব্যস্ত হ’লে দলৰ পৰা বহিস্কাৰ কৰা হ’ব৷ দিলীপ শইকীয়াই গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কয় যে তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছিল৷ ২০১৩ আৰু ২০১৪ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা বিসংগতিৰ তদন্ত কৰা ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰাত এই কথা স্পষ্ট হৈছে৷ প্ৰতিবেদনত এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক ‘মাষ্টাৰমাইণ্ড’, তৰুণ গগৈক ‘দুৰ্নীতিৰ কিংপিন’ বুলি অভিহিত কৰি প্ৰতিবেদনত উল্লেখ থকা তথা এতিয়ালৈকে গ্ৰেপ্তাৰ ৭০ জনৰো অধিক লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় শইকীয়াই৷ শইকীয়াই কয় যে বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অধীনত কংগ্ৰেছৰ শাসনকালত হোৱা বৃহৎ দুৰ্নীতিৰ কথা প্ৰকাশ পাইছে। এই দুৰ্নীতিৰ ফলত গোটেই প্ৰজন্মই সুযোগ নোপোৱা বুলি আমি দীৰ্ঘদিনে আনি থকা অভিযোগ সঁচা প্ৰমাণিত হৈছে। আয়োগৰ পৰ্যৱেক্ষণ আৰু লিপিবদ্ধ কৰা সাক্ষ্যসমূহে প্ৰমাণ কৰিছে যে কংগ্ৰেছ আৰু দুৰ্নীতি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠিৰ দৰে৷ তৰুণ গগৈ দুৰ্নীতিৰ কিংপিন আছিল আৰু কংগ্ৰেছে এতিয়া ৰাইজৰ উত্তৰ দিব লাগিব। কংগ্ৰেছক নিজৰ স্থিতি স্পষ্ট কৰি শ্বেতপত্ৰ প্ৰকাশৰ দাবী জনাই বিজেপিৰ ৰাজ্যিক সভাপতিজনে৷ লগতে তেওঁ কয় যে ৰাজ্য চৰকাৰক প্ৰতিবেদনত নাম থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লওক বুলিও কয় সভাপতিগৰাকীয়ে৷