দ্বিতীয়টো ভিডিঅ’ মুকলি, অসমৰ মুছলেকৰ মুক্তিপণ ২৫ লক্ষ টকা দাবী নগা দুৰ্বৃত্তৰ

অসমৰ ব্যৱসায়ীক চুবুৰীয়া ৰাজ্যৰ বিদ্ৰোহীয়ে অপহৰণ কৰি নি ২৫ লক্ষ টকা দাবী কৰি ভিডিঅ’ মুকলি কৰাত অসম-নাগালেণ্ড সীমান্তত পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অপহৰণ কৰি নি বন্দী কৰি ৰখা অসমৰ ব্যৱসায়ী মুছলেক আলীৰ পৰিয়ালক মুক্তিপণ ২৫ লক্ষ টকা দাবী কৰি আজি ভিডিঅ’ মুকলি কৰিছে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনে৷ বন্দী কৰা লোকজনৰ মন্তব্য ৰেকৰ্ড কৰি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰিছে বিদ্ৰোহী সংগঠনটোৱে৷ ২৫ লক্ষ টকা যোগাৰ কৰি বিদ্ৰোহী সংগঠনটোক দি মুকলি কৰি নিবলৈ পৰিয়ালক আহ্বান জনাইছে অপহৃত লোকজনে৷ অসম-নাগালেণ্ড সীমান্তৰ পৰা অপহৰণ কৰা মুছলেক আলীৰ ভাষ্য আজি প্ৰকাশ পোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চৰাইদেউৰ নামতোলাৰ ব্যৱসায়ী মুছলেক আলীক মুকলি কৰি অনাৰ দাবীত ব্যৱসায়ী আৰু বিভিন্ন সংগঠনে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি গৈছে৷ আজি ভিডিঅ’ মুকলিৰ পাছতে পুনৰ নামতোলাত নাগালেণ্ড অভিমুখী পথ অৱৰোধ কৰে।আলীক মুকলি কৰি আনিবলৈ দুয়ো ৰাজ্যৰ আৰক্ষীয়ে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ আনে প্ৰতিবাদকাৰীয়ে৷ প্ৰতিবাদস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। অপহৰণৰ পিছতে প্ৰথম ভিডিঅ’টো মুকলি কৰি মুছলেক আলীৰ বিৰুদ্ধে নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় আৰু নগাৰ নতুন প্ৰজন্মক সেই দ্ৰব্য বিক্ৰী কৰি ধ্বংস কৰিব খোজাৰ অভিযোগতহে অপহৰণ কৰা হৈছে বুলি উল্লেখ কৰিছিল নগা দুৰ্বৃত্তই৷ কিন্তু সময় যোৱাৰ লগে লগে দুৰ্বৃত্তই মুখ্য বিষয়টোলৈ আহে৷ সেয়া হৈছে মুক্তিপণ৷ দ্বিতীয় ভিডিঅ’টোত মুছলেক আলীৰ ভাষ্য প্ৰকাশ পায়৷ মুছলেক আলীয়ে মুক্তিপণ ২৫ লাখ টকা দাবী কৰা বুলি কৈ পৰিয়ালক কাতৰ আহ্বান জনাই কয় যে ২৫ লাখ টকা দি মোক মুক্ত কৰক৷ মাটি, ঘৰ, দোকান বন্ধকত থৈ হ’লেও ২৫ লাখ যোগাৰ কৰিবলৈ পৰিয়ালক কাতৰ আহ্বান জনাই ব্যৱসায়ীজনে। ২৫ নৱেম্বৰত চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা দলঙৰ সমীপৰ পৰা নগা দুৰ্বৃত্তই অপহৰণ কৰি নিছিল মুছলেক আলীক৷ সন্ধিয়া প্ৰায় ৬:১৫ বজাত দোকানত থকাৰ সময়তে হাতে হাতে অস্ত্ৰ লৈ অহা নগা দুৰ্বৃত্তই দোকনৰ পৰা বলপূৰ্বক লৈ যায় ব্যৱসায়ীজনক৷ দোকানৰ সন্মুখত গ্ৰেনেড নিক্ষেপ কৰিছিল যদিও বিস্ফোৰণ হোৱা নাছিল৷ কিন্তু ব্যৱসায়ীজনক লৈ যোৱাৰ সময়ত পথত গুলীচালনা কৰি গৈছিল দুৰ্বৃত্তৰ দলটোৱে৷ চৰাইদেউৰ নামতোলাৰ পৰা অসমৰ ব্যৱসায়িক অপহৰণ কৰাৰ পিছৰে পৰা দুই ৰাজ্যৰ সীমান্তৰ নাগৰিক শংকিত হৈছে৷

  • Brahmaputra Times

    Related Posts

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    প্ৰধানমন্ত্ৰী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিজ…

    নিজ বাহনক লৈ সজাগ হওঁক!

     জাৰকালিৰ সময়ছোৱাত নিশাৰ ভাগত কুঁৱলীৰ ডাঠ আচ্ছাদন পৰিবলৈ ধৰাত বাহন চলোৱাটো কঠিন, কষ্টকৰ হৈ পৰে । ফলত বছৰটোৰ এনেকুৱা সময়তে পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাত আহত-নিহতৰ সংখ্যাও সাধাৰণতে বৃদ্ধি পায় । সেয়ে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…