ছাত্ৰৰ প্ৰহাৰত ছাত্ৰৰ প্ৰাণনাশৰ ঘটনাই সূচাইছে কি? শ্ৰেণী কোঠা পালে নেকি সমাজ কলুষিত কৰা আবহাৱা

সমাজ ব্যৱস্থা আজি কোনদিশে৷ তাহানিৰ সেই সমাজ ব্যৱস্থা তচ-নচ হৈ পৰিল নেকি? ঘৰৰ হাঁহ-পাৰ মাৰি নোখোৱা একাংশ অসমীয়াই মানুহক বধ কৰিব পৰা হৈছে৷ তেনেই এক ঘটনা সংঘটিত হৈছে দৰং জিলাৰ ছিপাঝাৰত৷ দৰং জিলাৰ ছিপাঝাৰৰ পদুমপুখুৰী হাই স্কুলত দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত ভৱেশ ডেকা নামৰ নৱম শ্ৰেণীত অধ্যয়ৰত ছাত্ৰজনে অকালতে প্ৰাণ হেৰুৱাই৷ প্ৰয়াত ভৱেশ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিছে৷ অকালতে মৃত্যুক আকোৱালি লোৱা ভৱেশ ডেকা সেনাপতিপাৰা গাঁৱৰ হেমচন্দ্ৰ ডেকা আৰু ধনমণি ডেকাৰ একমাত্ৰ সন্তান আছিল। জানিব পৰা মতে, পদুমপুখুৰী হাইস্কুলত আজি প্ৰথম ঘণ্টাৰ পাছতে দশম শ্ৰেণীৰ ছাত্ৰ অভিজিৎ বৰুৱাই পানী খাবৰ বাবে শ্ৰেণীকোঠাৰ পৰা ওলাই আহিছিল৷ সেই সময়ত নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাই অভিজিৎ বৰুৱাক দেখি শ্ৰেণীৰ কোঠাৰ সন্মুখত ‘কালি তই মোক কিয় দম দিছিলি’ বুলি কৈ অভিজিতক আগভেটি দি ধৰে৷ সেই সময়ত জ্যেষ্ঠ ছাত্ৰ অভিজিতে কনিষ্ঠ ছাত্ৰ ভৱেশক প্ৰহাৰ কৰে। অভিজিতৰ প্ৰহাৰত ভৱেশ ডেকা ঢলি পৰাত বিদ্যালয়খনত হুৱা-দুৱা লাগে৷ শিক্ষক জিৰণি কোঠাৰ পৰা শিক্ষকসকল দৌৰি ওলাই আহি ততাতৈয়াকৈ এম্বুলেন্সেৰে প্ৰথমে ভৱেশ ডেকাক দেওমৰনৈ স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পথতে ছাত্ৰজনৰ মৃত্যু হয়। ভৱেশ ডেকাৰ মৃত্যুৰ খবৰ লাভৰ পাছতে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পথৰুঘাট আৰক্ষী চকীৰ আৰক্ষী বিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ প্ৰত্যক্ষ দৰ্শী ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা ভাষ্য মতে ভৱেশ ডেকাক কালিও বুঢ়ীনগৰত টিউচনলৈ যাওতে অভিজিৎ বৰুৱাই প্ৰহাৰ কৰি বিভিন্ন ভাবুকি দিছিল। এনে কাৰণত আজি বিদ্যালয়ৰ প্ৰথম ঘণ্টাৰ পিছতে অভিজিতে পানী খাবলৈ ওলাই যাওতে নৱম শ্ৰেণী কোঠাৰ সন্মুখত ভৱেশে অভিজিতক আগছি ধৰিছিল। উদণ্ড ছাত্র অভিজিতে ‘লাগিবি নেকি’ বুলি কৈয়েই ভৱেশক প্ৰহাৰ কৰে। অভিযোগ মতে, দশম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ প্ৰহাৰত প্ৰাণ হেৰুৱাবলগীয়া হয় ভৱেশে। একাংশ লোকে সন্দেহ কৰা মতে প্ৰেমজনিত কাৰণত দুয়ো ছাত্ৰৰ মাজত চলি আহিছিল সংঘাত। দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল বিদ্যালয়ত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিজিৎ বৰুৱাক আটক কৰাৰ লগতে সোধা-পোছাৰ বাবে বিদ্যালয়খনৰ সাতগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু চাৰিগৰাকী ছাত্রকো থানালৈ আনে। কিন্তু এই ঘটনাই সচেতন নাগৰিকক বহু কথাকে চিন্তা কৰিবলৈ বাধ্য কৰিছে৷ ৰাজ্যখনৰ সামাজিক আবহাৱা সঁচাকৈ কলুষিত হৈছে নেকি? ৰাজনৈতিক দলৰ নেতা, জাতীয় সংগঠনৰ নেতাৰ পৰা আৰম্ভ কৰি সমাজক নেতৃত্ব দিয়া লোকৰ মুখত হিংসাস সংঘাত লগাব খোজা কথা শুনা যায়৷ নেতাই কাটিম-মাৰিম বুলি সদম্ভে ঘোষণা কৰে৷ এটা জনগোষ্ঠীৰ বিৰুদ্ধে আন এটা জনগোষ্ঠীক যুঁজাব খুজি মন্তব্য দিয়ে৷ সমাজৰ বহু লোকে প্ৰতিনিয়ত ঘৃণা, বৈষম্যৰ কথা হয়৷ হয়তো ডাঙৰৰ মুখত প্ৰায়ে শুনা এনে কথাই সৰু সকলোকো ঘৃণা, বৈষম্যৰ জগত এখনলৈ লৈ গৈছে৷ হয়তো এনে ঘৃণা, বৈষম্যৰ পৰিৱেশ শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠা পৰ্যন্ত পাইছে৷ আজি দৰং জিলাত সংঘটিত এক ভয়ংকৰ কাণ্ডই হয়তো এই কথাকে সূচাইছে?

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ