অসমত ৮ বছৰত জাপানীজ এনকেফেলাইটিছত মৃত্যু ৭০৭ গৰাকীৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৰাষ্ট্ৰীয় ভেক্টৰজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি অসমত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈ আছে ।তথ্য অনুসৰি ২০১৬ চনত ৯২ জন, ২০১৭ চনত ৮৭ জন, ২০১৮ চনত ৯৪ জন, ২০১৯ চনত ১৬১ জন, ২০২০ চনত ৫১ জন, ২০২১ চনত ৪০ জন, ২০২২ চনত ৯৬ জন, ২০২৩ চনত ৩৪ জন, ২০২৪ চনৰ (২৫ ছেপ্টেম্বৰ পৰ্যন্ত) ৫২ জন লোকৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৰাষ্ট্ৰীয় ভেক্টৰজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী কেন্দ্ৰৰ তথ্য অনুসৰি যোৱা আঠ বছৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ অসমত ৭০৭ গৰাকী ৰোগীৰ মৃত্যু হৈছে । অৰ্থাৎ প্ৰতি বছৰে গড়ে প্ৰায় ৮৮ জনকৈ ৰোগী মৃত্যুমুখত পৰিছে ।

ইপিনে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি চলিত বছৰত (২৫ ছেপ্টেম্বৰ পৰ্যন্ত) অসমত জাপানীজ এনকেফেলাইটিছ ৰোগত ৬৩৭ জন লোক আক্ৰান্ত হৈছে । নগাঁও জিলাত ৫৩ জন, যোৰহাট জিলাত ৫২ জন, মৰিগাঁও জিলাত ৩৮ জন, শোণিতপুৰ জিলাত ৪৬ জন, বৰপেটা জিলাত ৩৫ জন সৰ্বাধিক আক্ৰান্ত হৈছে।

তথ্য মতে, জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত চলিত বছৰত (২৫ ছেপ্টেম্বৰ পৰ্যন্ত) ১৬১৩ জন লোক আক্ৰান্ত হৈছে ।‌ মৃত্যু ‌হৈছে ১২৯ জনৰ । ইয়াৰে কামৰূপ মহানগৰ জিলাত ১৫ জন, নগাঁও জিলাত ১১ জন আৰু গোৱালপাৰা আৰু যোৰহাট জিলাত সৰ্বাধিক লোকৰ এই ৰোগত মৃত্যু হৈছে ।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে