বেংগালুৰুত অসমৰ যুৱতীৰ নৃশংস হত্যা…

অসমৰ এগৰাকী যুৱতীক বেংগালুৰুত অতি নৃশংসভাৱে হত্যা কৰাৰ এক ঘটনা সংঘটিত হৈছে। বেংগালুৰুৰ ইন্দিৰানগৰত সংঘটিত হৈছে এই ঘটনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ২৫ বছৰীয়া মায়া গগৈ নামৰ যুৱতীগৰাকীক চুৰীৰে আঘাত কৰি অতি নৃশংসভাৱে হত্যা কৰা হৈছে তেওঁৰেই এপাৰ্টমেণ্টত। 

জানিব পৰা মতে মায়া গগৈ নামৰ অসমৰ এই যুৱতীগৰাকী কৰ্মসূত্ৰে বেংগালুৰু ইন্দিৰানগৰত বাস কৰিছিল। তাতেই তেওঁক তেওঁৰ প্ৰেমিক আৰভ অনয়ে হত্যা কৰিছে। আৰভৰ ঘৰ কেৰালাৰ কন্নুৰত।

ৰয়েল লিভিংছ নামৰ এপাৰ্টমেণ্টৰ চিচি টিভি কেমেৰাত আৱদ্ধ হোৱা দৃশ্য অনুসৰি আৰভ এই এপাৰ্টমেণ্টত যোৱা তিনিদিন ধৰি আছে। মায়া গগৈৰ মৃতদেহ উদ্ধাৰ হোৱাৰ এদিন পাছত চিচি টিভি কেমেৰাত দেখা গৈছে এখন কেবৰ জৰিয়তে আৰভে সেই এপাৰ্টমেণ্ট ত্যাগ কৰিছে।

আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত কৰি অনুমান কৰিছে মায়াক হত্যা কৰাৰ পাছতো সেই ফ্লেটতে আছিল আৰভ। মৃতদেহৰ কাষত আৰক্ষীয়ে পাইছে ছিগাৰেটৰ টুকুৰা। তাৰোপৰি আৰক্ষীয়ে অনুমান কৰিছে মায়াৰ মৃতদেহটোৰ কিবা এটা ব্যৱস্থা কৰাৰ চিন্তা কৰিছিল আৰভে। কিন্তু তেনে পৰিকল্পনা ব্যৰ্থ হোৱাত তেনেকৈয়ে তাতে এৰি পলায়ন কৰিছে।

কিন্তু আৰভে মায়াক কিয় হত্যা কৰিলে সেই বিষয়ে কোনো তথ্য এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। মায়া গগৈ নামৰ এই যুৱতীগৰাকীয়ে এখন ব্যক্তিগত ফাৰ্মত কৰ্মৰত হৈ আছিল। তাৰোপৰি তেওঁ আছিল এগৰাকী ইউটিউব কনটেণ্ট ক্ৰিয়েটৰ। তেওঁ ধাৰাবাহিকভাৱে ইউটিউবত ফেচন, খাদ্য আৰু তেওঁৰ দৈনন্দিন জীৱনত কৰি অহা কাম-কাজসমূহ তেওঁৰ অনুৰাগীসকলক দেখুৱাই আহিছিল।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…