ভাল খবৰ! বৃদ্ধি হোৱাৰ দিশে মন্ত্ৰী-বিধায়কৰ দৰমহা…

নিত্যপ্ৰয়োজনীয় স‍ামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰাৰ সময়তে মন্ত্ৰী-বিধায়কৰ বাবে ভাল খবৰ । জনপ্ৰতিনিধি সকলৰ দৰমহা বৃদ্ধিৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে । শীঘ্ৰেই ৫০ শতাংশ পর্যন্ত দৰমহা আৰু ভাট্টা বৃদ্ধি পাব মন্ত্ৰী-বিধায়কৰ ।

  • দৰমহা কমিটীৰ প্ৰতিবেদন :

মন্ত্ৰী-বিধায়কৰ দৰমহা সংশোধনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিগত জুলাই মাহত এখন কমিটী গঠন কৰিছিল । প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব হিমাংশু শেখৰ দাসৰ নেতৃত্বত গঠন কৰা দৰমহা কমিটীয়ে ইতিমধ্যে দাখিল কৰিছে প্ৰতিবেদন ।

প্ৰাক্তন আই এ এছ হিমাংশু শেখৰ দাসক অধ্যক্ষ, অসম বিধানসভাৰ প্ৰাক্তন প্ৰধান সচিব হেমেন দাস আৰু বিত্ত বিভাগৰ সচিব মালবিকা চৌধুৰীক সচিব আৰু বিধানসভাৰ অতিৰিক্ত সচিব ৰাজীৱ ভট্টাচাৰ্যক সদস্য সচিব হিচাপে লৈ গঠন কৰা কমিটীখনে বিধানসভাৰ অধ্যক্ষক নতুন সংশোধিত দৰমহা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে ৷

কমিটীৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পাছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দৰমহা বৃদ্ধিৰ সিদ্ধান্ত চূড়ান্ত কৰাৰ বাবে প্ৰতিবেদন চৰকাৰলৈ প্ৰেৰণ কৰিছে । বিধানসভাৰ আগন্তুক শীতকালীন অধিৱেশনত জনপ্ৰতিনিধিৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত চূড়ান্ত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে ।

  • জনপ্ৰতিনিধিৰ বৰ্তমানৰ দৰমহা আৰু আন সা-সুবিধা :

প্ৰতিবেদন অনুসৰি দৰমহা বৃদ্ধিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ লগে লগে জনপ্ৰতিনিধিৰ দৰমহা আৰু ভাত্তা ৫০ শতাংশ পর্যন্ত বৃদ্ধি পাব । বৰ্তমান নিৰিখত মুখ্যমন্ত্ৰীৰ মাহিলী দৰমহা হৈছে ১ লাখ ৩০ হাজাৰ টকা । তদুপৰি মাহে অন্যান্য ভাট্টা হিচাপত ৩৪ হাজাৰ টকা লাভ কৰে । সকলো মিলাই মুখ্যমন্ত্ৰীয়ে মাহে লাভ কৰে ১ লাখ ৬৪ হাজাৰ টকাৰ দৰমহা আৰু ভাত্তা ।

আনহাতে বাকী মন্ত্ৰীসকলৰ মাহিলী দৰমহা হৈছে ১ লাখ ১০ হাজাৰ টকা আৰু অন্যান্য ভাট্টা পৰিমাণ ৩০ হাজাৰ টকা । সেই অনুসৰি মন্ত্ৰীসকলে মাহে দৰমহা আৰু ভাত্তা লাভ কৰে ১ লাখ ৪০ হাজাৰ টকা । ইফালে অসম বিধানসভাৰ অধ্যক্ষই ১ লাখ ২০ হাজাৰ টকা দৰমহা আৰু ৩০ হাজাৰ টকা ভাত্তাকে ধৰি মাহিলী দৰমহা লাভ কৰে ১ লাখ ৫০ হাজাৰ টকা । বিধানসভাৰ উপাধ্যক্ষৰো মাহিলী দৰমহা আৰু ভাট্টাৰ পৰিমাণ হৈছে ১ লাখ ৪০ হাজাৰ টকা ।

বিৰোধী দলপতিয়েও বিধানসভাৰ উপাধ্যক্ষৰ সমহাৰতে মাহে ১ লাখ ৪০ হাজাৰ টকা দৰমহা আৰু ভাট্টা লাভ কৰে । ইফালে মন্ত্ৰীসকলে অন্যান্য সা-সুবিধা হিচাপে বিনামূলীয়া চৰকাৰী বাহন, ড্ৰাইভাৰ, পেট্ৰ’ল, ঘৰ, বিদ্যুৎ-পানী সকলো লাভ কৰে ।

একোজন মন্ত্ৰীয়ে গাড়ীৰ তেলৰ বাবদ প্ৰতি কিলোমিটাৰত ২০ টকাকৈ ভাট্টা লাভ কৰে । সেইদৰে বিধায়কসকলে মাহে দৰমহা লাভ কৰে ৮০ হাজাৰ টকা আৰু অন্যান্য ভাট্টা লাভ কৰে ৪০ হাজাৰ টকা । বিধায়কে দৰমহা আৰু ভাট্টা লাভ কৰে ১ লাখ ২০ হাজাৰ টকা ।

বিধায়কসকলেও ৰাজকোষৰ ধনেৰে বিনামূলীয়া আৱাস, গাড়ী, বিদ্যুৎ-পানী সকলো লাভ কৰে । সেইদৰে নিজৰ লগতে পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ ব্যয়ো ঘূৰাই পাই প্ৰতিজন জনপ্ৰতিনিধিয়ে । আনহাতে চৰকাৰী আৱাসত নথকা জনপ্ৰতিনিধিয়ে মাহে অতিৰিক্ত ৫০ হাজাৰ টকাকৈ ভাট্টা লাভ কৰে ।

জনপ্ৰতিনিধিসকলে সদন বা চৰকাৰী বৈঠকত উপস্থিত থাকিলে দৈনিক ১,৮৫০ টকাৰ ভাট্টা লাভ কৰে । তদুপৰি ৰাজ্যৰ ভিতৰত চৰকাৰী ভ্ৰমণতো প্ৰতিদিনে ১,৮৫০ টকা ভাট্টা আৰু ৰাজ্যৰ বাহিৰত প্ৰতিদিনে ২,৫০০ টকাকৈ ভাট্টা লাভ কৰে ।

প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি নতুন নিৰিখ কাৰ্যকৰী হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ দৰমহা ২ লাখ ৪০ হাজাৰ টকালৈ বৃদ্ধি পাব । তদুপৰি মন্ত্ৰীসকলৰ দৰমহা ২ লাখ ১০ হাজাৰ টকা বৃদ্ধি হ’ব । সেইদৰে অসম বিধানসভাৰ অধ্যক্ষৰ দৰমহা ২ লাখ ২৫ হাজাৰ টকা হ’ব ।

বিধানসভাৰ উপাধ্যক্ষৰ দৰমহা হ’ব ২ লাখ ১০ হাজাৰ টকা আৰু বিৰোধী দলপতি দৰমহা হ’ব ২ লাখ ২৫ হাজাৰ টকা। সেইদৰে বিধায়কসকলৰ দৰমহা ২ লাখ ৫ হাজাৰ টকালৈ বৃদ্ধি পাব । লক্ষণীয় বিষয় যে নতুন নিৰিখ অনুসৰি এবাৰ বিধায়ক হ’লেই মৃত্যু পর্যন্ত ১ লাখ ৩০ হাজাৰ টকাকৈ মাহে পেঞ্চনো লাভ কৰিব ।

  • Brahmaputra Times

    Related Posts

    গুৱাহাটীৰ বাৰত ড্ৰাগছ বিক্ৰী, বাৰ-ৰেষ্টুৰেণ্টত বাধ্যতামূলক চিচিটিভি, থাকিব লাগিব অতিৰিক্ত চালক

    গুৱাহাটী মহানগৰ প্ৰশাসন, আবকাৰী বিভাগ আৰু গুৱাহাটী আৰক্ষীৰ চকু খোল খাইছে৷ শেহতীয়াকৈ দীপাৱলীৰ নিশা খানাপাৰাত দুৰ্ঘটনাত পতিত হৈ দীপিত দে’ আৰু কনামিকা বসুমতাৰী নামৰ যুৱক-যুৱতীৰ মৃত্যু হয়৷ সেই নিশা এখন…

    মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ…

    মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদমুখৰ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থা । আছুৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা হয় বিক্ষোভ কাৰ্যসূচী। বুধবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া জিলাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা