

ডিজিটেল সংবাদঃ ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। পৰীক্ষা শেষ হোৱাৰ পাছতেই চাকৰি দিয়াৰ নামত ওলাইছে ঠগ, প্ৰৱঞ্চক । চৰকাৰী চাকৰি দিয়াৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহত নামি পৰিছে খোদ চৰকাৰী শিক্ষক ।
নগাঁৱৰ পূব ছিলনী মোক্তাব স্কুলৰ শিক্ষক লক্ষ্যজ্যোতি বৰা ওৰফে মুন বৰাই বহু লোকৰ পৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ লাভ কৰিছে জিলা আৰক্ষীয়ে ।৪গৰাকীকৈ ব্যক্তিৰ পৰা অভিযোগ লাভ কৰি নগাঁও আৰক্ষীয়ে শুকুৰবাৰে প্ৰথমে আটক কৰি সোধা-পোছা কৰে।
পাছত এক গোচৰ ৰুজু কৰি প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰে শিক্ষক লক্ষ্যজ্যোতি বৰা ওৰফে মুন বৰাক। চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত শিক্ষক মুন বৰাৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত 984/24 নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ 61(2)/118(4)/308(2) অধীনত গোচৰ ৰুজু কৰিছে ।