
অসম অলিম্পিক সন্থাত নাথাকে এজনো শাসকীয় বিধায়ক।কেৱল ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদেহে স্থান লাভ কৰিব অসম অলিম্পিক সন্থাত।
ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব লগা অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ অধিবেশনৰ পূৰ্বে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
আজি অথাৎ দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব লগীয়া অসম অলিম্পিক সন্থাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছিল শাসকীয় দলৰ ১৩জনকৈ বিধায়কে।
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান মৰ্মে “অসম অলিম্পিক সন্থা”ৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা বিধায়ক সকলে নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।
উল্লেখযোগ্য যে, ইতিমধ্যে অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিৰ্বাচিত হৈছিল।