
স্বাধীনতা দিৱসৰ দিনা আলফা(স্বা)এ ৰাজ্যৰ ভিন্ন প্ৰান্তত সংৰোপণ কৰা বোমাক কেন্দ্ৰ কৰি আজিও অব্যাহত প্ৰতিক্ৰিয়া। শিৱসাগৰৰ পাছত দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ বৈঠক। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙে জানিবলৈ দিয়া অনুসৰি, এনে ঘটনাৰ মোকাবিলা কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে। তদন্তকাৰী দলে এই ঘটনাৰ সৈতে জড়িত দোষীক চিনাক্ত কৰিবলৈ পুংখানুপুংখ তদন্ত কৰিব।
তদন্তৰ সমান্তৰালকৈ অসম আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত লোকক চিনাক্ত কৰাৰ বাবে জনসাধাৰণৰ সমৰ্থন বিচাৰিছে। উপযুক্ত তথ্য-প্ৰমাণ দিব পৰা লোকক আৰক্ষীয়ে ৫ লাখ টকাৰ পুৰষ্কাৰ দিয়াৰ কথাও ঘোষণা কৰে। যিয়ে এই ঘটনাৰ সৈতে জড়িত ব্যক্তিৰ তথ্য প্ৰদান কৰিব, তেওঁৰ সম্পূৰ্ণ তথ্য গোপনে ৰখাৰো প্ৰতিশ্ৰুতি দিয়ে আৰক্ষীয়ে। ইয়াৰ বাবে জনসাধাৰণক +91 9132699735 নম্বৰত হোৱাটচ এপ যোগে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। হোৱাটচ এপৰ উপৰিও ফেছবুক, টুইটাৰ বা ইনষ্টাগ্ৰামতো যোগাযোগ কৰিব পাৰিব বুলি জনায় অসম আৰক্ষীয়ে।