
গুৱাহাটীঃ স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ ২৫টা ভিন্ন স্থানত আলফাই বোমা সংস্থাপন কৰা বুলি দাবী কৰাৰ পিছতো চিন্তাৰ ক্লেশ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে আলফা স্বাধীনে বোমা সংস্থাপন কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া দিয়াৰ সময়ত পৰেশ বৰুৱাক ‘ডাঙৰীয়া’ বুলি সম্বোধন কৰাক লৈও এতিয়া মুখ্যমন্ত্ৰীগৰাকীক সমালোচনাৰে থকাসৰকা কৰিছে বিভিন্নজনে।
আনহাতে আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি আলফা স্বাধীনে কিদৰে ভিন্ন স্থানত বোমা সংস্থাপন কৰিবলৈ সক্ষম হ’ল তাক লৈও প্ৰশ্ন কৰিছে বহুতে। মহানগৰীৰ কৃত্ৰিম বান, ইউ এছ টি এম, হিন্দু-মুছলমান আৰু পত্নী ৰিণিকি ভূঞাৰ সম্পত্তিৰ ৰাজনীতিত ব্যস্ত থকা মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্ব আছে। এনে পৰিপ্ৰেক্ষিতত নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি তেওঁৰ পদত্যাগৰো দাবী উত্থাপন কৰিছে বিৰোধীয়ে।
ইফালে আলফা স্বাধীনে বৃহস্পতিবাৰে এক বিবৃতিযোগে ২৫টা স্থানত বোমা সংস্থাপন কৰাৰ দাবী কৰি সেই ঠাইসমূহ ৰাজহুৱা কৰাৰ পিছতে বোমা বিচাৰি অভিযানত নামি পৰিছে আৰক্ষী-প্ৰশাসন। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মাধ্যমৰ আগত কয় যে বোমা সংস্থাপনৰ খবৰ লাভ কৰাৰ পিছতে গান্ধীবস্তী আৰু পানবজাৰ এলেকাৰ পৰা দুটা আই ই ডি সদৃশ বস্তু উদ্ধাৰ কৰা হয়। ইফালে ২৪ ঘণ্টা পিছত সাতগাঁওৰ পৰাও উদ্ধাৰ কৰা হয় আলফাই সংস্থাপিত কৰা বোমাটো।
ইয়াৰ মাজতে আজি বোমা বিচাৰি তিনিচুকীয়াৰ পানীতোলাত অভিযান চলায় আৰক্ষীয়ে। আলফা স্বাধীনে পানীতোলাত এটা বোমা সংস্থাপন কৰা বুলি প্ৰকাশ কৰাৰ পিছতে আজি কেইবাটাও স্থানত বোমাৰ সন্ধান কৰে আৰক্ষীয়ে। আনকি আলফাৰ প্ৰাক্তন নেতা অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাৰ পানীতোলাস্থিত বাসগৃহৰ চৌহদতো বোমা বিচাৰি কেইবাঘণ্টীয়া অভিযান চলোৱা দেখা যায়।
আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াই সংবাদ মাধ্যমৰ আগত নিষিদ্ধ ঘোষিত সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই পূৰ্বেই তেওঁক বোমা সংস্থাপনৰ বিষয়ে জনাইছিল বুলি মন্তব্য কৰে। তেওঁ কয়, ”বোমা কেইটা নুফুটিল বাবে বহু লোক আঘাতপ্ৰাপ্ত হোৱা বা জীৱনহানী হোৱাৰ দৰে ঘটনাৰ পৰা ৰক্ষা পৰিল। বোমা কেইটা ফুটা হ’লে বহু ক্ষতি হ’ল হয়। পৰেশ বৰুৱাৰ লগত মোৰ যোগাযোগ আছিল। কালি (১৫ আগষ্ট, বৃহস্পতিবাৰ) পুৱাই তেওঁ মোক ফোন কৰি কৈছিল বোমা বিস্ফোৰণ হ’ব। পানীতোলাতো বোমা পাতিছে বুলিও কৈছিল।”
তেওঁ পুনৰ কয়, ”বোমা ফুটিলে কিমান ক্ষতি হ’ল হয় তাক আগতীয়াকৈ কোনেও ক’ব নোৱাৰে। এই কাৰ্যক লৈ যথেষ্ট সমালোচনা হ’লহেঁতেন, বিতৰ্ক হ’লহেঁতেন। গতিকে বোমা কেইটা নুফুটাৰ বাবে ভাল হৈছে।”
সংবাদ মাধ্যমৰ আগত অনুপ চেতিয়াই উল্লেখ কৰা মতে নিষিদ্ধ ঘোষিত সংগঠনটোক চৰকাৰে দুৰ্বল বুলি ভাবিছে। তেওঁলোকক গুৰুত্ব দিয়া নাই। সেয়ে এইদৰে বোমা কেইটা সংস্থাপন কৰি তেওঁলোকৰ শক্তিৰ বাৰ্তা প্ৰেৰণ কৰিলে।
চেতিয়াই কয়, ”বৃহস্পতিবাৰে সন্ধিয়া মোলৈ পুনৰ ফোন অহাত মই তেওঁক সুধিলো হঠাৎ আপোনালোকে কিয় ২৫ টাকৈ স্থানত বিস্ফোৰণৰ পৰিকল্পনা কৰিলে? পৰেশ বৰুৱাই ক’লে- ”চাওঁক আমাক চৰকাৰে গুৰুত্ব দিবলৈ বিচৰা নাই। আমাক দুৰ্বল বুলি ভাবিছে। আমি যে দুৰ্বল হোৱা নাই, গোটেই অসমতে আমাৰ অৱস্থা কেনেকুৱা তাকে প্ৰমাণ কৰিবলৈ এটা বাৰ্তা দিবলৈ বিচাৰিছিলোঁ।”
সংস্থাপন কৰা বোমা কেইটা নুফুটাৰ বাবে পৰেশ বৰুৱায়ো ভাল পোৱা বুলি উল্লেখ কৰি চেতিয়াই পুনৰ কয়, বোমা কেইটা নুফুটাৰ বাবে ভালেই হৈছে। কিন্তু আলফা, স্বাধীন শক্তিশালী হৈ থকাৰ আমাৰ বাৰ্তা আমি প্ৰেৰণ কৰিলোঁ।
ইফালে অনুপ চেতিয়াৰ পানীতোলাস্থিত বাসগৃহৰ সন্মুখত বোমা সংস্থাপিত কৰাৰ প্ৰসংগৰে আজি পুৱা পুনৰ পৰেশ বৰুৱাই তেওঁলৈ ফোন কৰা বুলিও জানিবলৈ দিছে। চেতিয়াই কয়, ”আজি ৰাতিপুৱা তেওঁ মোক পুনৰ ফোন কৰিছিল। মই সেই সময়ত গুৱাহাটী মেডিকেল কলেজ, হাস্পতালত আছিলো। তেওঁ ক’লে কালি আপোনাক ক’ব নোৱাৰিলো পানীতোলাৰ ক’ত বোমাটো পাতিছিল। যিজন ল’ৰাই বোমাটো পাতিছিল তেওঁৰ সৈতে যোগাযোগ হ’ল। তেওঁ কৈছে আমাৰ ঘৰৰ সন্মুখত এটা আৰু ঘৰৰ পাছফালে এটা বোমা পাতিছে।”
এই সন্দৰ্ভত চেতিয়াই কয়, যিসকলে তেওঁৰ ঘৰৰ সন্মুখত এইদৰে বোমা সংস্থাপিত কৰিছে তেওঁলোকে জানি লওক এইদৰে বোমা পাতি মোক ভয় খুৱাবলৈ বিচাৰি লাভ নাই। মই মোৰ কাম কৰি যাম।