নতুন দিল্লীত পাট কাপোৰৰ বস্ত্ৰ সম্ভাৰেৰে উজলিল সংযুক্তা দত্ত…

ডিজিটেল ডেস্কঃ লেকমে’ ফেশ্বন উইক ২০২৪ত উজলিল অসমীয়াৰ পাট-কাপোৰ। অসমৰ শিপিনীৰ হাতৰ পাট কাপোৰে অসমৰ সুদক্ষ ফেশ্বন ডিজাইনাৰৰ হাতত প্ৰাণ পাই উঠিল লেকমে’ ফেশ্বন উইকত ৷ ভাৰতৰ অন্যতম সমাদৃত ফেশ্বন শ্ব’ ‘লেকমে’ ফেশ্বন উইক’ত আকৌ এবাৰ উজলি উঠিল অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ পাটৰ কাপোৰৰ বস্ত্ৰ সম্ভাৰ ৷ আন্তঃৰাষ্ট্ৰীয় বিশাল ফেশ্বনৰ জগতখনত নিজৰ স্থান উলিয়াই ল’বলৈ ইতিমধ্যেই সক্ষম হোৱা অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তই আকৌ এবাৰ লেকমে’ ফেশ্বন উইকত দেখুৱালে নিজৰ ডিজাইনৰ অসম পাটৰ বস্ত্ৰ সমাহাৰৰ চমক৷

ডিজাইনাৰ সংযুক্তা দত্তই দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা লেকমে ফেশ্বন উইক, ২০২৪ত তেওঁৰ শেহতীয়া ডিজাইনৰ চমকপদ বস্ত্ৰ সম্ভাৰৰ সংকলন “হেঁপাহ… দ্য ডিজায়াৰ”ৰ জৰিয়তে এক সকলোকে মুগ্ধ কৰি তোলে ৷ বয়সে স্পৰ্শ কৰিব নোৱাৰা বলীউডৰ অভিনেত্ৰী তথা ভাৰতীয় মডেলিং জগতৰ তাৰকা সংগীতা বিজলানীয়ে ৰেম্পত খোজ দিলে সংযুক্তা দত্তই ডিজাইন কৰা ফেশ্বনৰ আটকধুনীযা বস্ত্ৰ পৰিধান কৰি ৷ সংযুক্তাৰ শেহতীয়া নতুন ফেশ্বনৰ পাট কাপোৰৰ বস্ত্ৰসম্ভাৰ প্ৰদৰ্শন কৰা হোটেল গ্ৰ্যান্ডত অনুষ্ঠিত শ্ব’টোত সংগীতা বিজলানীয়ে পৰিধান কৰা পাটৰ বস্ত্ৰই অনন্য কলাত্মক মাত্ৰা লাভ কৰে।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভায়’লীনবাদক অসমৰে জীয়াৰী সুনীতা ভূঞাই ভায়’লীনৰ মনোমোহা লাইভ প্ৰদৰ্শনেৰে সংযুক্তা দত্তৰ “হেঁপাহ.. দ্য ডিজায়াৰ” শ্বটোত অধিক প্ৰাণ সঞ্চাৰ কৰে। এক কথাত অসমী আইৰ দুই কন্যা সংযুক্তা দত্তৰ সুন্দৰ ডিজাইন আৰু সুনীতা ভূঞাৰ ভায়’লীনৰ যাদুকৰী ৰাগৰ সমাহাৰত অসমৰ পাট কাপোৰে এইবাৰ লেকমে’ ফেশ্বন উইকত অভিনৱ উপস্থাপনেৰে উচ্চ স্থান লাভ কৰে।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে