বিজেপিৰ সদস্যতা অভিযান; দেশৰ ভিতৰতে শীৰ্ষত অসম

দেশজুৰি চলি থকা বিজেপিৰ সদস্যতা অভিযান ২০২৪ৰ দ্বিতীয় পৰ্যায় চলি আছে। সদস্যভৰ্তিৰ সংখ্যাৰে শীৰ্ষত আছে অসম। নিৰ্ধাৰিত লক্ষ্যৰ ৮৫ শতাংশ সদস্যভৰ্তি কৰি দেশৰ ভিতৰতে তালিকাৰ শীৰ্ষত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যিক বিজেপি।

অসমৰ সদস্যভৰ্তিৰ সংখ্যাৰ ক্ষেত্ৰত শীৰ্ষত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী বিধানসভা সমষ্টি।

শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক(সাংগঠনিক)বি এল সন্তোষে এই তথ্য সদৰী কৰে।

সামাজিক মাধ্যমযোগে তেওঁ জনায়, “বিজেপিৰ সদস্যতা অভিযান ২০২৪ৰ দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে অসম বিজেপিয়ে নিৰ্ধাৰিত লক্ষ্যৰ ৮৫ শতাংশৰে শীৰ্ষত আছে। অসমৰ পিছতে হিমাচল প্ৰদেশ ৭৫ শতাংশ, মধ্য প্ৰদেশ ৭০ শতাংশ, গুজৰাট ৭০ শতাংশ, উত্তৰ প্ৰদেশ ৬৫ শতাংশ, উত্তৰাখণ্ড ৬৫ শতাংশ, অৰুণাচল প্ৰদেশ ৬৫ শতাংশ আৰু ত্ৰিপুৰা লক্ষ্যৰ ৬০ শতাংশত আছে। প্ৰতিখন ৰাজ্যিক নেতৃত্বলৈ অভিনন্দন৷”

উল্লেখ্য যে, অসমত সদস্যৰ সংখ্যাই অতিক্ৰম কৰিছে ৫০ লাখ। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ পিছত অসম হ’ল ৫০ লাখৰ ওপৰত সদস্য ভৰ্তি কৰা ৰাজ্য।

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ