টি-২০ চেলেঞ্জাৰ ট্ৰফী-২০২৪ আজিৰে পৰা আৰম্ভ হৈছে৷ ১৭ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ভাৰতৰ অন্যতম মহিলা ক্ৰিকেটৰ মুখ্য ঘৰুৱা টি-২০ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ঝাৰখণ্ডৰ ৰাচীত। সকলো মেচ ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম কমপ্লেক্সত অনুষ্ঠিত হ’ব৷ পাঁচটা দল দল-এ, দল-বি, দল-চি, দল-ডি আৰু দল-ই-এ অংশগ্ৰহণ কৰিছে৷ টিম-ডিৰ অন্যতম সদস্য হৈছে অসম কন্যা মণিষা দাস৷ অসমত মহিলা ক্ৰিকেটৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে উজ্বলি উঠা মণিষা দাসে চিনিয়ৰ টি-২০ চেলেঞ্জাৰ ট্ৰফী-২০২৪ত খেলিবলৈ সুবিধা লাভ কৰিছে৷ মণিষা দাসে অসম দলৰ হৈ বহু উন্নতন প্ৰদৰ্শন কৰি আহিছে৷ টিম-ডিত কেইবাগৰাকী দেশৰ মুখ্য দলৰ হৈ খালে ক্ৰিকেটাৰৰ সৈতে খেলিব অসমৰ মণিষাই৷ চিনিয়ৰ টি-২০ চেলেঞ্জাৰ ট্ৰফীত মণিষাই খেলিবলগীয়া দল টিম-ডি ৰ অধিনায়ক হৈছে শৈফালী বাৰ্মা৷ জানিব পৰা মতে, মুঠ টি-২০ চেলেঞ্জাৰ ট্ৰফীত এঘাৰখন মেচ অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাত ভাৰতীয় মহিলা ক্ৰিকেটৰ হাৰলীন দেওলে দল এ-ক নেতৃত্ব দিব৷ আনহাতে স্নেহ ৰাণাই দল-বিৰ অধিনায়ক হ’ব৷ বি মিন্নু মণি দল-চিৰ অধিনায়ক, দল ই-ৰ অধিনায়ক হ’ব ৰাধা যাদৱ। আনহাতে অসম কন্যা মণিষাই খেলিবলগীয়া দল-ডিৰ অধিনায়ক হৈছে শ্বাফালী বাৰ্মা৷ শ্বাফালী বাৰ্মাৰ সৈতে একেটা দলত খেলিবলগীয়া মণিষা দাসে যথেষ্ট অভিজ্ঞতা আহৰণ কৰিব পাৰিব৷
জল্পনা- কল্পনাৰ অন্তঃ আই পি এল ২০২৫ৰ ফ্ৰেন্সাইজিৰ ৰিটেইন খেলুৱৈৰ তালিকা প্ৰকাশ
আই পি এল ২০২৫ৰ ফ্ৰেন্সাইজিসমূহৰ ৰিটেইন খেলুৱৈৰ তালিকা প্ৰকাশ পালে । এইবেলি নিজ নিজ ফ্ৰেন্সাইজিয়ে এৰিলে ৩ গৰাকী ভাৰতীয় খেলুৱৈ ক্ৰমে ঋষভ পণ্ট, কে এল ৰাহুল আৰু শ্ৰেয়স আয়াৰক। আনহাতে…