অপেক্ষা ৭ ডিচেম্বৰলৈ!

“অহা ৭ ডিচেম্বৰত দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু এটা সম্প্ৰসাৰণ হ’ব। সবিশেষ কাইলৈ বা পৰহিলৈ পাব । এজন হ’ব নে দুজন হ’ব দিল্লীত কথা পাতি সোনকালেই মই আপোনালোকক জনাম। ” সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বুধবাৰে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব বুলি ইতিমধ্যেই ঘোষণা কৰিছিল ৷ বৰাক উপত্যকাৰ পৰা এজন প্ৰতিনিধি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল। পৰিমল শুক্লবৈদ্য সাংসদ নিৰ্বিচন হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত বৰাকৰ প্ৰতিনিধি শূন্য হৈ আছিল ৷ তেনে পৰিপ্ৰেক্ষিতত বৰাকৰ এজন বিধায়কক মন্ত্ৰিত্ব প্ৰদান কৰাটো অৱধাৰিত হৈ পৰিছিল।

মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা সদৰী কৰি লগতে কয়,“বৰাকৰ পৰা নিশ্চিতভাৱে এজন অন্তৰ্ভুক্ত হ’ব ৷ এজন হয় নে দুজন হয় সেয়া মই আলোচনা কৰিব লাগিব ৷ ” মন্ত্ৰীসভাত এজন নে দুজন অন্তৰ্ভুক্ত কৰিব সেয়া বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণত লগ পাওতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে আলোচনা কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়,“মন্ত্ৰীসভাৰ খালী থকা পদ, কোন কোন মন্ত্ৰী হ’ব পাৰে সকলো মই ইতিমধ্যে জনাইছো ৷ কাইলৈ আবেলিলৈ মই সকলো গম পাম ৷ হয়তো এনেকুৱা হ’ব পাৰে এজনেই হ’ব পাৰে ৷ নাইবা তেওঁলোকে একাধিক মন্ত্ৰী বিচাৰিবও পাৰে । ”

উল্লেখ্য় যে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত বৰাকৰ পাথাৰকান্দি সমষ্টিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ নাম অন্তৰ্ভুক্ত হ’ব বুলি বহুলভাৱে চৰ্চিত হৈ আহিছে । সকলো ঠিকে থাকিলে ৭ ডিচেম্বৰত দিনৰ ১২ বজাত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিব কৃষ্ণেন্দু পালে ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কেৱল কৃষ্ণেন্দু পালেই মন্ত্ৰীৰূপে শপত ল’বনে আৰু আন কোনোবায়ো শপতগ্ৰহণ কৰিব ? কেৱল মন্ত্ৰীৰূপে কৃষ্ণেন্দু পালৰ কপাল ফুলিব নে আন কাৰোবাৰো কপাল ফুলিব ?

  • Brahmaputra Times

    Related Posts

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…

    পঞ্চায়ত নিৰ্বাচন: নাথাকিব দলীয় প্ৰতীক…

    নতুন বছৰত নতুন চাৰিসীমাৰে অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ পঞ্চায়ত নির্বাচনত প্ৰথমবাৰৰ বাবে নাথাকিব দলীয় প্রতীক চিহ্ন । অৱশ্যে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত দলীয় প্রতীক চিহ্ন থাকিব । আনহাতে, ই…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ