আজি সামৰণি পৰিব উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান…

ৰাজ্যৰ ৫ বিধানসভাত অনুষ্ঠিত হোৱা উপ- নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন। শেষৰটো দিনত প্ৰচাৰ চলাবলৈ সাজু হৈছে শাসক-বিৰোধী। ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব চামগুৰি, বিহালী, বঙাইগাঁও আৰু চিদলীত অনুষ্ঠিত হ’ব লগা উপ- নিৰ্বাচনৰ ভোটগ্ৰহণ। ইয়াৰ মাজতে নিৰ্বাচনী হিংসাই চুই গৈছে চামগুৰি বিধানসভা সমষ্টিত। সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়।

চামগুৰিত নিৰ্বাচনী হিংসা প্ৰতিৰোধ কৰিবলৈ ব্যৰ্থ হোৱা বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশত ৰাজ্যৰ গৃহ বিভাগে দেওবাৰে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়া আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তক বদলি কৰে।

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীক কাৰ্বি আংলং লৈ বদলি আৰু তেওঁৰ স্থানত কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাক নিযুক্তি দিছে গৃহ বিভাগে। একেদৰে হোজাইৰ উপ- আৰক্ষী অধীক্ষক শ্যামন্ত শৰ্মাক কলিয়াবৰৰ নতুন মহকুমা আৰক্ষী বিষয়াৰ দায়িত্ব দিয়া হৈছে।

দেওবাৰেও চামগুৰিত কংগ্ৰেছ নেতা আমজাদ আলীৰ বাসগৃহত দুৰ্বৃত্তই আক্ৰমণ চলায়। চামগুৰিৰ বাসবাৰলিত থকা আমজাদৰ বাসগৃহলৈ দুৰ্বৃত্তই শিলাবৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।

আনহাতে এই নিৰ্বাচনী হিংসাৰ মাজতে সাংবাদিকক আক্ৰমণ কৰা তাহেৰুদ্দিন নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰে। সোমবাৰে বিয়লি ৬-০০ বজাত ৫সমষ্টিৰ বিধানসভাৰ উপ- নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে