

আজি লখিমপুৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেটত নতুনকৈ ২০ লাখ লোকক চৰকাৰে ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। হিতাধিকাৰীসকলে ১৫ ছেপ্টেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব বুলি জনায়।
আনহাতে চলিত বছৰৰ ২ অক্টোবৰৰ পৰা ৰাজ্যত নতুনকৈ ৩৯ খন সম জিলা আৰম্ভ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
লখিমপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে সম্বোধন কৰা সংবাদমেলত এই কথা জনাই মুখ্যমন্ত্রী শৰ্মাই।