সাগৰ তীৰত আত্মঘাটী সন্ত্ৰাসবাদী নিৰ্বিচাৰ আক্ৰমণ, ৩২ জন সাধাৰণ নাগৰিকৰ মৃত্যু

ডিজিটেল ডেস্কঃ পূব আফ্ৰিকাৰ দেশ ছোমালিয়াৰ এখন জনপ্ৰিয় সাগৰ তীৰত শুকুৰবাৰে নিশা আত্মঘাটী সন্ত্ৰাসবাদীৰ আক্ৰমণত ৩২ জন লোক নিহত হোৱাৰ লগতে আন কেইবা ডজনো লোক আহত হোৱা বুলি ৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষা বিভাগে সদৰী কৰিছে।

ছোমালিয়াৰ চৰকাৰী তথ্য অনুসৰি, শুকুৰবাৰে নিশা সাগৰ তীৰত উপস্থিত হোৱা লোকসকলৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে এজন আত্মঘাতী বোমাৰু আৰু আন ৫ জন বন্দুকধাৰী সন্ত্ৰাসবাদীয়ে। আৰক্ষীৰ মুখপাত্ৰ আব্দিফাতাহ আদন হাছানে সাংবাদিকক কয় যে এই আকস্মিক আক্ৰমণত ৩২ জনতকৈ অধিক সাধাৰণ নাগৰিক নিহত হয় আৰু আন কেইবা ডজন আহত হয়।

ইফালে ঘটনাৰ পিছতে আৰক্ষীয়ে বহু নাগৰীকক সাগৰ তীৰৰ পৰা সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আক্ৰমণকাৰীক প্ৰতিহত কৰিবলৈ গুলীচালনা কৰাত পাঁচোজন বন্দুকধাৰী সন্ত্ৰাসবাদী নিহত হয়। ইফালে গাত বোমা পৰিধান কৰি অহা আনজন সন্ত্ৰাসবাদীয়ে সাগৰ তীৰতে আত্মঘাতী বিস্ফোৰণ ঘটায়।

স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, আক্ৰমণকাৰীসকল সন্ত্ৰাসবাদী সংগঠন আল-ছাবাবৰ সদস্য আছিল, যিয়ে ২০২২ চনলৈকে ছোমালিয়াৰ বিশাল অঞ্চল নিয়ন্ত্ৰণ কৰি আহিছিল। অৱশ্যে ২০২২ৰ চৰকাৰী প্ৰত্যাক্ৰমণৰ পিছত সন্ত্ৰাসবাদী সংগঠনটোৰ অস্তিত্ব ধূসৰ হৈ পৰিছে। সন্ত্ৰাসবাদী সংগঠনটোৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

  • Related Posts

    কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

    ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

    তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীৰ সৈতে ভূটানত মুখ্যমন্ত্ৰী

    তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…