যোৰহাটত অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস…

যোৰহাট জিলা ছাত্ৰ পৰিষদ আৰু গোলাঘাট জিলা ছাত্র পৰিষদৰ উদ্যোগত যোৰহাটৰ অগপ জিলা কাৰ্যালয়ৰ বাকৰিত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্র কৰ্মীসকলে উক্ত প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে ।

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই কয়,”অগপ দলৰ বিৰুদ্ধে এটা পুৰণি অভিযোগ আছিল যে এই দলে নতুনক আঁকোৱালি নলয় । কিন্তু সেই অভিযোগ আজি অগপত নাই, কাৰণ অগপলৈ নতুন প্ৰজন্মৰ আগমন ঘটিছে । নতুন প্ৰজন্ম তথা যুৱ প্ৰজন্মৰ বাবে অগপৰ সকলো দুৱাৰ-খিৰিকী খোলা আছে ।”

তেওঁ লগতে কয় যে কম সময়ৰ ভিতৰতে অসম ছাত্র পৰিষদে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি তোলাৰ লগতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ।

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয় যে পঞ্চায়ত নিৰ্বাচনৰ বাবে অগপ দলে ২০২৪ৰ আৰম্ভণিৰ পৰাই ৰণকৌশল ৰচনা কৰিছিল । সমগ্ৰ অসমত ব্যাপক সদস্যভৰ্তি অভিযানো চলাইছে । তেওঁৰ মতে অগপৰ শিপাডাল ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সিচঁৰিত হৈ আছে ।

পঞ্চায়ত নিৰ্বাচনৰ বাবে অগপই বিধানসভা পৰ্যায়ত বিভিন্ন কৰ্মশালা আয়োজন কৰিছে আৰু তৃণমূল কৰ্মীসকলক শক্তিশালী কৰা হৈছে বুলি তেওঁ দাবী কৰে ।যোৰহাটত অনুষ্ঠিত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অগপৰ জেষ্ঠ নেতা ভৱেন্দ্ৰ নাথ ভৰালী, অপূৰ্ব কুমাৰ ভট্টাচাৰ্যসহ দলৰ বিভিন্ন নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…