পঞ্চায়ত নিৰ্বাচনতো মিত্ৰজোঁট অক্ষুণ্ণ থকাৰ ইংগিত অতুল বৰাৰ

আগন্তুক পঞ্চায়ত নিৰ্বাচনতো অক্ষুণ্ণ থাকিব অগপ-বিজেপিৰ মিত্ৰতা। আজি হাইলাকান্দিত এই ইংগিত দিলে অগপ সভাপতি অতুল বৰাই।

দুদিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ দ্বিতীয় দিনা আজি হাইলাকান্দিত আহি উপস্থিত হয় ৰাজ্যৰ কৃষি, পশুপালন আৰু সীমান্ত উন্নয়ন বিভাগৰ মন্ত্ৰী তথা অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা।

হাইলাকান্দিত উপস্থিত হৈ প্ৰথমে জিলা আয়ুক্ত কাৰ্যালয়ত জিলাৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে এক সভাত মিলিত হয়।

পিছত জিলা বিজেপি কাৰ্যালয়ত বিজেপি আৰু অগপৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰে অতুল বৰাই। ইপিনে, বিজেপি কাৰ্যালয়ৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, ‘অগপ বৰ্তমানে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত থকা মিত্ৰজোঁটৰ অংশ। আৰু পঞ্চায়ত নিৰ্বাচন লৈ দুই দলৰ নেতৃত্বৰ মাজতে আলোচনা চলি আছে ।

লগতে তেওঁ আজি হাইলাকান্দি জিলাৰ বিভিন্ন বিভাগৰ সৈতে হোৱা ৰিভিউ মিটিঙৰ বিস্তাৰিত তথ্যও দাঙি ধৰে।

Related Posts

পাকিস্তানক সমৰ্থনৰ অভিযোগ, অখিল গগৈৰ ঘনিষ্ঠ অনিল বনিয়াক গ্ৰেপ্তাৰ

পাকিস্তানক সমৰ্থন কৰি ফেচবুক লাইভ কৰাৰ অভিযোগত অখিল গগৈৰ ঘনিষ্ঠ ছাত্ৰ মুক্তিৰ নেতাক গ্ৰেপ্তাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে…

গুৱাহাটীত চাৰি বামপন্থী দলৰ প্ৰতিবাদ, আমি চৰকাৰৰ সৈতে, সন্ত্ৰাসবাদীক কঠোৰ উত্তৰ দিয়ক

জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটৱাৰ বিৰুদ্ধে আজি ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ চিপিআই, ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী চমুকৈ চিপিআই-এম আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি –মাৰ্ক্সবাদী লেনিনবাদী চমুকৈ চিপিআই-এমএলৰ অধীনত গুৱাহাটীৰ ৰটাৰী ক্লাবৰ…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…