বুধবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ অযোধ্যাত প্ৰায় ২৫ লাখ মাটিৰ চাকি একেলগে জ্বলোৱা হয় । অযোধ্যাৰ দীপোৎসৱৰ এই অষ্টম সংস্কৰণত দুটাকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপিত হয়। এই অভিলেখ দুটা হৈছে একেলগে সৰ্বাধিক লোকৰ ‘আৰতি’ প্ৰদৰ্শন আৰু সৰ্বাধিক সংখ্যক বন্তি প্ৰজ্জ্বলন ।
পবিত্ৰ চহৰ অযোধ্যাৰ সৰযু নদীৰ ‘ৰাম কী পেইড়ি’ ঘাটকে ধৰি ৫৫ টা ঘাটত এই বন্তিবোৰ স্থাপন কৰা হৈছিল । ইয়াত ২৫ লাখতকৈও অধিক মাটিৰ চাকি একেলগে জ্বলোৱা হৈছিল। আনহাতে,১১২১ গৰাকী ‘বেদাচাৰ্য’ই একেলগে ‘আৰতি’ প্ৰদৰ্শন কৰিছিল । চাকিৰ গণনাৰ বাবে ড্ৰোণ ব্যৱহাৰ কৰা হৈছিল।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণীকৰণৰ বাবে গিনিজ পৰামৰ্শদাতা নিচ্চল ভৰোটৰ সৈতে অযোধ্যাত উপস্থিত থকা গিনিজ প্ৰতিনিধি প্ৰবীণ পেটেলে বুধবাৰে সন্ধিয়া অযোধ্যাত এই নতুন অভিলেখ ঘোষণা কৰে ।
“উত্তৰ প্ৰদেশ পৰ্যটন, অযোধ্যা জিলা প্ৰশাসন আৰু সৰযু আৰতি সমিতিয়ে মুঠ ১১২১ গৰাকী লোকেৰে একেলগে আৰতি প্ৰদৰ্শন কৰি সৰ্বাধিকসংখ্যক লোকৰ আৰতি প্ৰদৰ্শনৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ খিতাপ দখল কৰিছে । অভিনন্দন !” পেটেলে এনেদৰে ঘোষণা কৰে ।
আনহাতে, দ্বিতীয়টো ৰেকৰ্ডৰ ক্ষেত্ৰত গিনিজ প্ৰতিনিধিগৰাকীয়ে কয়, “মুঠ ২৫,১২,৫৮৫ চাকিৰে উত্তৰ প্ৰদেশ পৰ্যটন, উত্তৰ প্ৰদেশ চৰকাৰ, অযোধ্যা জিলা প্ৰশাসন আৰু ডঃ ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়, আপোনালোকে তেলৰ চাকিৰ সৰ্ববৃহৎ প্ৰদৰ্শনৰ বাবে নতুন গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ খিতাপ দখল কৰিছে !”