এন চি পি নেতা বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত বহৎ সফলতা লাভ কৰিছে মুম্বাই আৰক্ষীয়ে। দেওবাৰে উত্তৰ প্ৰদেশৰ বাহৰাইচৰ নানপাৰাত উত্তৰ প্ৰদেশৰ এছটিএফ আৰু মুম্বাই অপৰাধ শাখাই যৌথভাৱে অভিযান চলায়। আৰক্ষীৰ অভিযানত ছিদ্দিকী হত্যাকাণ্ডত জৰিত আন এজন শ্বুটাৰ আৰু ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি, ৬ গৰাকী বিষয়া আৰু ১৫ গৰাকী কৰ্মচাৰীক লৈ এই অভিযানটো চলোৱা হৈছিল। শিৱ কুমাৰ নামৰ মূল অভিযুক্তজন নেপাললৈ পলায়ন কৰিবলৈ চেষ্টা কৰা সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি আটাইকেইজন অভিযুক্তক মুম্বাইলৈ লৈ যোৱা হৈছে।
উত্তৰ প্ৰদেশ এছটিএফে প্ৰকাশ কৰা বিবৃতি অনুসৰি, বৰ্তমান কাৰাগাৰত বন্দী হৈ থকা কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নিৰ্দেশতে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছিল বুলি শ্বুটাৰে ইতিমধ্যে স্বীকাৰ কৰিছে।