উত্তৰ প্ৰদেশত দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনত সংঘৰ্ষঃ নিহত ১

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাৰ্ডিৰ মাহছি মহাৰাজগঞ্জত দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত বিবাদৰ সূত্ৰপাত হয় । ডিজেক লৈ হোৱা বিবাদে ক্ৰমে সংঘৰ্ষৰ ৰূপ লয় আৰু ক্ৰমে এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়লৈ প্ৰথমে শিলগুটি নিক্ষেপ কৰে আৰু তাৰ পিছত গুলীচালনা কৰে।

ইয়াৰ মাজতে মূৰ্তি বিসৰ্জনৰ লগত জড়িত ৰেহুভাৰ বাসিন্দা এজন যুৱকক গুলীয়াই আহত কৰা হয় । তেওঁক ততাতৈয়াকৈ স্থানীয় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰৰণ কৰা হয় যদিও পিছত চিকিৎসালয়তে তেওঁৰ মৃত্যু হয় । এই ঘটনাত আন কেইবাজনো লোক আহত হয় ।

জানিব পৰা মতে দুৰ্গা মূৰ্তি বিসৰ্জন যাত্ৰাৰ সময়ত সংঘটিত হৈছিল এই বিবাদ । নিহত যুৱকজন গোপাল মিশ্ৰ (২২) বুলি জানিব পৰা হৈছে ৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত স্থানীয় কেইবাখনো থানাৰ আৰক্ষী উপস্থিত হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনাও কৰিবলগীয়া হয় ৷ এই সংঘৰ্ষৰ পাছত ঘড়ী টাৱাৰত দুৰ্গা মূৰ্তিৰ বিসৰ্জন শোভাযাত্ৰাও বন্ধ কৰি দিয়া হয় । তথ্য অনুসৰি আন এটা সম্প্ৰদায়ৰ লোকে ডিজে বন্ধ কৰিবলৈ কৈছিল আৰু তাৰ পিছত বিবাদৰ সৃষ্টি হয় ।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে