

বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা সংখ্যালঘু হিন্দুক কৰা অত্যাচাৰ দিনক দিনে বৃদ্ধি পাইছে। দেশখনত হিন্দুৰ ওপৰত আক্ৰমণ অব্যাহত থকাৰ সময়তে হিন্দু বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ লগতে শেহতীয়াকৈ দুৰ্গা পূজা উদযাপনৰ বিৰুদ্ধে ভাবুকি দিয়া হৈছে।
চৰকাৰে দেশখনৰ হিন্দুসকলক দুৰ্গা পূজা উদযাপন কৰাত সহযোগ কৰাৰ আশ্বাস দিয়াৰ বিপৰীতে একাংশ মৌলবাদী সংগঠনে পূজা বন্ধ কৰাৰ ভাবুকি দিছে।
এই ভাবুকি ভিডিঅ’ আৰু পূজা উদযাপন সমিতিলৈ পত্ৰ প্ৰেৰণ কৰি দিয়া হৈছে। দেশখনৰ হিন্দু সম্প্ৰদায়ৰ লোকসললৈ প্ৰেৰণ কৰা বেনামী পত্ৰত এই বুলি ভাবুকি দিয়া হৈছে যে যদিহে পাঁচ লাখ টকা দিয়া নহয় তেতিয়া পূজা উদযাপন কৰিবলৈ দিয়া নহয়। যদিহে এই চৰ্চ মানি লোৱা নহয় তেতিয়া গুৰুতৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব।
ইয়াৰ উপৰি এই পত্ৰখন সংবাদ মাধ্যমক দিয়া লোকক টুকুৰা-টুকুৰ কৰি পেলোৱাৰ ভাবুকিও দিয়া হৈছে।
এই পত্ৰ পোৱাৰ পিছতে একাংশ পূজা সমিতিয়ে দুৰ্গা পূজাৰ কাৰ্যসূচী বাতিল কৰিছে আৰু আন একাংশ সমিতিয়ে সহায় তথা নিৰাপত্তা বিচাৰি কাষ চাপিছে আৰক্ষীৰ।
ইফালে ৰাজধানী ঢাকাত একাংশ লোকে বিক্ষোভ প্ৰদৰ্শন কৰি পূজা বন্ধ কৰাৰ দাবী কৰে। প্ৰতিবাদকাৰীসকলে কয় যে যি ঠাইত ঈদৰ নামাজ পঢ়া হয়, তাত পূজাৰ আয়োজন কৰিলে সেই স্থান অপৱিত্ৰ হৈ পৰে বুলি মন্তব্য কৰি পূজা বন্ধ কৰাৰ হুংকাৰ দিয়ে।