ডিজিটেল ডেস্কঃ আজিৰ ৰাজ্যিক কেবিনেটত ভূমি সংক্ৰান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দিছপুৰৰ লোক সেৱা ভৱনত মঙলবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । বৈঠকৰ অন্তত কেবিনেটত লোৱা সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী কেশৱ মহন্তই । আজিৰ কেবিনেটত বসুন্ধৰা ৩.০ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হয় ।
- অহা ১৯ অক্টোবৰত বসুন্ধৰা ৩.০ শুভাৰম্ভ কৰা হ’ব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বসুন্ধৰা ৩.০ ।
- বসুন্ধৰা ২.০ত নাকচ হোৱাসকলে বসুন্ধৰা ৩.০ আবেদন কৰিব পাৰিব ।
- বসুন্ধৰা ৩.০ত ভূমি পট্টনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা দিয়া হৈছে ।
- বসুন্ধৰা ৩.০ শিক্ষানুষ্ঠান তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠাক দান দিয়া ভূমিৰ পট্টা দিয়া হ’ব ।
- নগৰ অঞ্চলৰ ৰায়তীসকলক মাটিৰ পট্টা দিয়া হ’ব ।
- চাহ ম্যাদী হৈ থকা মাটিত পট্টা দিয়া হ’ব । ২০২২ চনৰ পূৰ্বে থকা লোকসকলক এই পট্টা দিয়া হ’ব ।
- ভূ-দান আৰু গ্ৰাম-দান মাটিৰ ক্ষেত্ৰত পট্টা দিয়া হ’ব ।
- এতিয়াৰে পৰা মাটিৰ শ্ৰেণী পৰিৱৰ্তনত বাধা নাথাকিব । আগতে মাটিৰ শ্ৰেণী পৰিৱৰ্তন এবাৰ হৈছিল । এতিয়াৰে পৰা যিকোনো ক্লাছৰ ভূমি যিকোনো ক্লাছলৈ নিব পাৰিব । এইক্ষেত্ৰত যথেষ্ট শিথিলতা অনা হৈছে ।
- বসুন্ধৰা ৩.০ৰ যোগেদি সকলোকে একচনীয়া পট্টাৰ পৰা মুক্ত কৰা হ’ব । একচনীয়া মাটিৰ ম্যাদী পট্টা দিয়া হ’ব । গাঁৱত প্ৰতি বিঘা ভূমিত ৪৫০ টকা আৰু চহৰত ভূমিৰ মূল্যৰ এক শতাংশ প্ৰিমিয়াম দি ম্যাদী পট্টা কৰিব পাৰিব ।
- ৰাজ্যত ১০৫২ খন গাঁও জৰীপ নোহোৱাকৈ আছে । সেইসমূহ গাঁৱৰ জৰীপ কৰা হ’ব । ইয়াৰে ৮৬১ খন গাঁৱৰ জৰীপ কৰা হৈছে । ৩০ খন গাঁৱৰ চেটেলমেণ্ট হৈছে । বাকীখিনি শীঘ্ৰেই জৰীপ কৰা হ’ব । জৰীপ সম্পূৰ্ণ হ’লে সংশ্লিষ্ট সকলোৱে ভূমিৰ স্বত্ব লাভ কৰিব ।
- ভূমিৰ ক্ষেত্ৰত পঞ্জীয়ন নকৰি ডিজিটেলী কৰা হ’ব । ইয়াৰ দ্বাৰা নথিখন প্ৰমাণ হিচাপে থাকিব । ডিজিটেল নথিখনেই প্ৰমাণ হিচাপে গণ্য কৰা হ’ব ।
- ক্ষুদ্ৰ চাহ খেতিয়কক ৭৫ বিঘালৈ মাটি এহাজাৰ টকাকৈ প্ৰিমিয়াম দি চমজাই দিয়াৰ ব্যৱস্থা বাহাল থাকিব । আনহাতে ৰবৰ আৰু কফিৰ খেতি কৰাসকলে বিঘাই প্ৰতি ৫ হাজাৰ টকাৰ প্ৰিমিয়াম দি মাটিৰ স্বত্ব ল’ব পাৰিব ।
- বসুন্ধৰা ৩.০ত কাৰ্যকৰী হ’ব এই সকলো ব্যাৱস্থা ।