গো-মাংস নিষিদ্ধৰ মূলতে ৰকিবুল হুছেইন: ভৱেশ কলিতা

 বুধবাৰে গো-মাংসক লৈ অসম চৰকাৰৰ কেবিনেটত লোৱা সিদ্ধান্তৰ পিচতেই ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। কোনোবাই যদি এই সিদ্ধান্তক আদৰণি জনাইছে, তাৰ বিপৰীতে কোনোৱে কৰিছে বিৰোধিতা ।ইয়াৰ মাজতে কেবিনেটৰ এই সিদ্ধান্তক সমৰ্থন কৰি বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই ।

কেবিনেটত এই গো-মাংস নিষিদ্ধকৰণৰ সিদ্ধান্তক আদৰণি জনাই ভবেশ কলিতাই কয়, “গো-মাংস নিষিদ্ধৰ মূলতে ৰকিবুল হুছেইন । ইয়াৰ বাবে জগৰীয়া ৰকিবুল হুছেইন । উপ-নিৰ্বাচনত গো-মাংস সন্দৰ্ভত কৰিবুল হুছেইনে স্পৰ্শকাতৰ কথা প্ৰকাশ কৰিছিল । চামগুৰিবাসীয়ে দুখ পাইছিল ৰকিবুল হুছেইনৰ মন্তব্যত । মুঠতে যত দোষ নন্দ ঘোষ । এই সকলোবোৰ কথা চিন্তা-চৰ্চা কৰি গো-মাংস খোৱাটো বাৰণ কৰিছে চৰকাৰে ।”

আনহাতে, বিৰোধীয়ে গাহৰি মাংসও নিষিদ্ধ কৰাৰ দাবী সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ভবেশ কলিতাই কয়, “গাহৰি মাতা নহয়, গো-মাতাক পূজা কৰা হয় । গো মাতাৰ ইতিহাস আছে, গাহৰিৰ ইতিহাস নাই । বিজেপিৰ বিৰুদ্ধে কৰা অপপ্ৰচাৰ কালিৰ সিদ্ধান্তৰ পিছত সমাপ্ত হ’ল । গো-মাংস বন্ধ কেৱল টেবুলতে থাকিলে নহ’ব, কাৰ্যকৰী হ’ব লাগে । ভৱিষ্যতে নিৰ্বাচনত কোনো দলে গো-মাংস দি ভোট ল’ব নোৱাৰিব । কালিৰ পৰা এইটো ইছ্যু শেষ ।”

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে