
২০২৬ চনত বিজেপি বিৰোধী দল আৰু আৰু শক্তিসমূহক একত্ৰিত কৰি অ-বিজেপি এখন চৰকাৰ গঠন কৰিবৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছো৷ নতুন দিল্লীৰ ১০ নং জনপথত বিৰোধী দলপতি ৰাহুল গান্ধীক সাক্ষাতৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি এইদৰে কয়৷ অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি, অৰ্থনৈতিক বিষয়সমূহ, বিভিন্ন জাতি-জনগোষ্ঠীৰ সমস্যা আদিৰ বিষয়ে নিখিল ভাৰত কংগ্ৰেছৰ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ সৈতে আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী৷
আলোচনাৰ অন্তত ২০২৬ চনত চৰকাৰ গঠন কৰিলে অসমত চৰকাৰ গঠন কৰিলে অসমৰ বিভিন্ন জাতীয় সমস্যা কেনেদৰে সমাধান কৰিব পৰা যায় সেই সন্দৰ্ভত কৰ্মসূচী প্ৰস্তুতৰ বাবে আঁচনি গ্ৰহণ কৰাক লৈ আলোচনা কৰা হ’ব৷ বৰাই কয় ‘বিৰোধী ঐক্যক একেলগে লৈ যিখন চৰকাৰ ২০২৬ চনত গঠন কৰা হ’ব সেই চৰকাৰ গঠনৰ ১০০ দিনৰ ভিতৰত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত লিপ্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তদন্ত কৰা হ’ব আৰু বিশেষ তদন্ত সমিতি (এছআইটি) গঠন কৰি ৰাজহুৱা সম্পত্তি লুণ্ঠন কৰা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব আৰু ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷
ভূপেন কুমাৰ বৰাই ৰাহুল গান্ধীৰ সৈতে কথা পতাৰ সময়ত ২০২৬ চনত জয়ী হ’বলৈ কোৱা বুলি কয়৷ তেওঁ কয়, ”ৰাহুল গান্ধীৰ সৈতে মিত্ৰতা সন্দৰ্ভত কথা পতা হৈছে৷ বিজেপি বিৰোধী সকলো দল-সংগঠন, ব্যক্তিক লগত লৈ চলিব বিচাৰো বুলি কোৱাত ৰাহুল গান্ধীয়ে সন্মতি দিছে৷ আজি মিত্ৰতাৰ কথাটো কওতে ৰাহুল গান্ধীয়ে বিজেপি বিৰোধী দলসমূহক লৈ মিত্ৰতা কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো অৱগত কৰা হৈছে৷’’
ৰাজহুৱা স্থানত গোমাংস বিক্ৰীত ৰাজ্য চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই চাওলুং চ্যুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও কাৰোৰে সংস্কৃতি, ৰীতি-নীতিত হাত দিয়া নাছিল বুলি কয়৷ অসমৰ সৰ্বকালৰ শক্তিশালী নেতাজন হৈছে চাওলুং চ্যুকাফা৷ তেওঁ ইমান শক্তিশালী হোৱাৰ পিছতো কাৰোৰে খাদ্যভ্যাসত হাত দিয়া নাছিল৷ সমগ্ৰ অসমীয়া জাতিসত্তাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিৰাট, কছাৰী, গাৰো, খাচী, মিৰি, যৱন, কংক, গোৱালা বুলি কৈ থৈ গৈছে৷ সকলোকে লৈ বৃহত্তৰ অসমীয়া সমাজৰ ভেটি নিৰ্মাণৰ কথা কৈছে৷ তেওঁ কেতিয়াও এনেকুৱা কথা কোৱা নাই যে আনৰ ধৰ্মত, আনৰ পৰম্পৰা, ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, সাজ-পোছাক, খাদ্যত আমি হস্তক্ষেপ কৰিব লাগে বুলি৷ অসম আৰু অসমীয়া জাতিয়ে শংকৰদেৱ আৰু চ্যুকাফাই দেখুৱাই যোৱা পথত চলিব৷ হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ বলত বলীয়ান হৈ অতপালি কৰি আহিছে, সেই সকলোবোৰৰ কেইদিনমান পাছত কাউণ্টডাউন আৰম্ভ হ’ব। এতিয়া হয়তো ৫০০ দিনতকৈ কম দিন বাকী আছে৷ আমি কাউণ্টডাউনৰ ঘড়ী ৰাজীৱ ভৱনত লগাম। হিমন্তৰ পতন হ’বলৈ বেছি দিন নাই৷
চামগুৰিত গো-মাংসেৰে ভোজ দি বিজেপি যেতিয়া উলংগ হৈ গ’লে তাৰ বাবে এনে সিদ্ধান্ত লোৱা বুলি কয় বৰাই৷ তেওঁ কয় যে ক্ষমতাৰ বলত বলীয়ান হৈ বিজেপিয়ে চামগুৰিত বিজেপি, আৰএছএছৰ আদৰ্শক ভৰিৰে মোহাৰি যি যি কৰিলে তাৰ বাবে আৰএছএছৰ পৰা ধমকি খাইছে৷ বিজেপিৰ কেন্দ্ৰীয় নেতাৰ পৰা ধমকি খাইছে৷ দুই কুল হেৰুৱাবলৈ গৈ আছে৷ ইপিনে ভূপেন বৰাই কৌশলগত কাৰণত উপ-নিৰ্বাচনত বিচৰা অনুসৰি ফলাফল লাভ নকৰা বুলি প্ৰকাশ কৰি সেই একেই কৌশলগত ভুল ২০২৬ চনত নকৰো বুলি, শুদ্ধভাৱে ৰাজনৈতিক পৰিকল্পনাৰে শক্তিশালীভাৱে যুঁজ দিয়া হ’ব বুলি সদৰী কৰে৷
অসমৰ ৰাইজৰ মূল সমস্যা চাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি, নিবনুৱা সমস্যাৰ কথা, দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজনে মাজে মাজে কেৰাণী-মহৰীক গ্ৰেপ্তাৰ কৰি নিজে লুট-পাতেৰে এখন স্বৰ্গ তৈয়াৰ কৰি বুলিও কয়। মুখ্যমন্ত্ৰীগৰাকীৰ এনে অবাধ লুণ্ঠনৰ বিৰুদ্ধে এখন এছআইটি গঠন কৰি কেনেকৈ তেওঁক ৰাইজৰ কাঠগড়ালৈ আনিবলৈ অসমৰ ৰাইজে বেছিদিন অপেক্ষা কৰিব নালাগে বুলিও কয় বৰাই৷ তেওঁ কয়, ”মই ৰাহুল গান্ধীৰ সৈতে এছআইটি গঠন সম্পৰ্কতো কথা পাতিছো৷ দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২০২৫চনত ৰাহুল গান্ধী অসমলৈ গৈ ঘোষণা কৰিব যে আমাৰ চৰকাৰ গঠনৰ এশ দিনৰ ভিতৰত এছআইটি গঠন কৰি হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু চিণ্ডিকেটৰাজৰ তদন্ত কৰা হ’ব আৰু শাস্তি বিহি লুট-পাতৰ টকা ৰাজকোষলৈ পুনৰ ঘূৰাই অনা হ’ব৷’’
লগতে ভূপেন কুমাৰ বৰাই ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু বামপন্থী দলসমূহৰ সৈতে মিত্ৰতা সন্দৰ্ভত কয়, ”মই প্ৰথমৰ পৰাই মিত্ৰতাৰ পক্ষে আছিলো আৰু আছো৷ অসম সন্মিলিত মঞ্চৰ জন্মদাতা হিচাপে আগভাগ লৈছিলো৷ উপ-নিৰ্বাচনৰ খাম-খেয়ালিক লৈ যেতিয়া সভাপতি পদ এৰিছিলো তেতিয়া মই কৈছিলো যে এয়া সাময়িক৷ উপ-নিৰ্বাচনত অসমৰ ৰাইজৰ স্বাৰ্থ জড়িত যিটো বিষয়, অসমৰ ৰাইজে বিচাৰিছে বিজেপিৰ দৰে সাম্প্ৰদায়িক, ফেঁচিবাদী শক্তিক পৰাজিত কৰিবৰ কাৰণে, সেইটোত আমি আপোচ কৰিব নোৱাৰো৷ সেই আপোচবিহীন যুঁজখন আগুৱাই নিবলৈ বিজেপি বিৰোধী কেৱল ৰাজনৈতিক দলেই নহয়, বিভিন্ন সংগঠন, ব্যক্তি, সংবাদমাধ্যমৰ লোক একত্ৰিত হোৱাটো বিচাৰিছো৷ অসমৰ মিত্ৰতাক লৈ ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰা হয়৷ ৰাহুল গান্ধীয়ে অসমত বিজেপি বিৰোধী শক্তিসমূহক একত্ৰিত হোৱাতো বিচাৰিছে৷’’
পঞ্চায়ত আৰু বিটিআৰ নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয় যে জিলা সমিতিসমূহক কৰ্তৃত্ব দিয়া হ’ব৷ গুৱাহাটীত বহি মিত্ৰতা কৰাটো সম্ভৱ নহয়৷ গুৱাহাটীত বহি হাজাৰ হাজাৰ আসন সম্পৰ্কত এলায়েন্সৰ কথা পতা সম্ভৱ নহয়৷ বিটিআৰত সংগঠন শক্তিশালী কৰিবলৈ প্ৰয়াস কৰি আছো৷ বিটিআৰতো বিজেপি বিৰোধী শক্তিৰ সৈতে হাত মিলাবলৈ কংগ্ৰেছ সাজু বুলিও জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷