
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ “কংগ্ৰেছৰ শাসনত মহিলাই চাকৰি পাবলৈ সতীত্ব হেৰুৱাব লগা হৈছিল” মন্তব্যে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি তুলিছে। প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই এই মন্তব্যক অশালীন বুলি অভিহিত কৰি ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবৰ দাবী জনোৱা পিছতে মুখ্যমন্ত্ৰীয়ে তীব্ৰ প্ৰত্যুত্তৰ আগবঢ়াই কয় — “মই মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ, মোক সময় দিবলৈ কংগ্ৰেছ কোন?”
মুখ্যমন্ত্ৰীয়ে কয়, “মই ব্যক্তিগত মন্তব্য কৰা নাই, যি অভিযোগ কোৱা হৈছে সেইবোৰ বিপ্লৱ শৰ্মা সমিতিৰ তদন্ত প্ৰতিবেদনত থকা ৰাকেশ পালৰ মাকৰ সাক্ষ্যৰ আধাৰত কৈছোঁ। তেওঁ বেয়া কাণ্ড দেখি ঘৰ এৰি গৈছিল, সেয়া প্ৰতিবেদনত স্পষ্টকৈ লিখা আছে।”
ভূপেন বৰাৰ প্ৰত্যুত্তৰ
এই মন্তব্যৰ তৎক্ষণাত প্ৰতিক্ৰিয়া দি ভূপেন বৰাই হোজাই জিলাৰ মোৰাঝাৰত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কয় — “মইয়ো মাৰ গাখীৰ খাই ডাঙৰ হোৱা, আমোল তাজা খাই দীঘল হোৱা নাই। আমি কাকো ভয় নকৰোঁ।” তেওঁ মুখ্যমন্ত্ৰীৰ মন্তব্যক ব্যক্তিগত, অপমানজনক আৰু অসমীয়া সমাজৰ নাৰীসন্মানৰ ওপৰত আঘাত বুলি মন্তব্য কৰে।
ভূপেন বৰাই লগতে ঘোষণা কৰে, “অসম জুৰি জিলাই জিলাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হ’ব। যদি আৰক্ষীয়ে গোচৰ নলয়, ২০২৬ত আমি চৰকাৰলৈ আহিলেই সকলো গোচৰ একেলগে ৰুজু কৰিম।”