
বিহালী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজিও প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব নোৱাৰিলে অসম সন্মিলিত মৰ্চাই। হোটেল লিলিত অনুষ্ঠিত বৈঠকৰ পাছতো কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই অসম সন্মিলিত মৰ্চা।
মঙলবাৰে অসম সন্মিলিত মৰ্চাৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছত অজিত কুমাৰ ভূঞাই সংবাদমেল সম্বোধন কৰি কয় যে, অসম সন্মিলিত মৰ্চাৰ বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ বাবে কংগ্ৰেছৰ সিদ্ধান্তলৈ বাট চাইছো। আমি কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ সৈতে বহুবাৰ কথা পাতিছো।
লগতে কয় যে, জীতেন্দ্ৰ সিঙেও সন্মিলিত মৰ্চাৰ সিদ্ধান্তৰ ওপৰতে গুৰুত্ব দিছে। আমি তেখেতক এতিয়ালৈকে বিহালী সমষ্টিক লৈ দুখনকৈ প্ৰতিবেদন দাখিল কৰিছো। সেই প্ৰতিবেদনৰ ভিত্তিতে বুধবাৰে পুৱা ১০বজাৰ আগত কংগ্ৰেছে নিজৰ চূড়ান্ত সিদ্ধান্ত অৱগত কৰিব আৰু তাৰ পিছতে বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ৰাজহুৱা কৰিম।