বিহালীত বিজেপিৰ ৰথী- মহাৰথী প্ৰচাৰ অভিযান…

শাসক-বিৰোধী দুয়োটা দলৰে শীৰ্ষ নেতাই এতিয়া গৰম কৰি তুলিছে বিহালীৰ ৰাজনীতি। শাসক পক্ষৰ হৈ মন্ত্ৰী পীযুষ হাজৰীকাই বাহৰ পাতি লৈছে বিহালীত। সমান্তৰালকৈ প্ৰতিদিনে বিহালীলৈ আগমন ঘটিছে মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ। ইফালে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ সাংসদ গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰায়ো আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।

বিহালীত এখন নিৰ্বাচনী সভাত মন্ত্ৰী পীযুষে কয় যে মহিলা সকলেতো বিজেপি প্ৰাৰ্থীগৰাকীক ভোট দিবই কিন্তু পুৰুষসকলে যদি ভোট নিদিয়ে, তেনেহ’লে মহিলাসকলে তেঁওলোকক ঘৰত ভাত নিদিবলৈ ধেমালীয়াকৈ মন্তব্য কৰে।

ইফালে বিহালী সমষ্টিৰ বাহিৰৰ পৰা মানুহ আনি কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ সভা চলাইছে বুলি সাংসদ ৰঞ্জিত দত্তই অভিযো গ উত্থাপন কৰে। লগতে বিজেপিয়ে শংকিত হৈ সকলো ৰথী- মহাৰথী বিহালীত নমাইছে বুলি কোৱা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে কোনো কাৰণতে বিজেপি বিহালীত শংকিত হোৱা নাই।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ