শুকুৰবাৰে ৭৭ নং বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে শাসকীয় দল বিজেপি মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ, বিৰোধী কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰা, চিপিআই(এম-এল) দলৰ মনোনীত লক্ষীকান্ত কুৰ্মী আৰু আম আদমী পাৰ্টীৰ অনন্ত গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷
বিহালীত উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ মাজত দেখা গৈছে এক উমৈহতীয়া মিল ৷আপত দৃষ্টিত বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী চাৰি গৰাকীৰ কোনো আদৰ্শ-মতাদৰ্শ, দৈহিক গঠন ,ৰাজনৈতিক চিন্তা, সামাজিক দ্বায়ৱদ্ধতা, ব্যক্তিত্ব মিল নাই যদিও চাৰি গৰাকী প্ৰাৰ্থীৰ মাজত এক বিশেষ মিল আছে ৷ আনহাতে তেওঁলোকৰ ৰাজনৈতিক দৰ্শন হ’ল ৰাষ্ট্ৰীয়তাবাদ ৷
বিহালীত নাই কোনো আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনীতিক ৷ বিহালী উপ নিৰ্বাচনত কোনো এগৰাকী আঞ্চলিকতাবাদত বিশ্বাসী কোনো প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত নহ’ল ৷