বিহাৰৰ ভাগলপুৰত বোমা বিস্ফোৰণ; ৰাজপথত খেলি থকা ৭টি শিশু গুৰুতৰভাৱে আহত

বিহাৰৰ ভাগলপুৰ জিলাৰ হাবিবপুৰ থানা এলেকাৰ পৰা মঙলবাৰে হঠাৎ বোমা বিস্ফোৰণৰ খবৰ পোহৰলৈ আহিছে। শ্বাহীগঞ্জ পঞ্চায়তৰ খিলাফত নগৰ স্থানীয় অঞ্চলত সংঘটিত হোৱা এই ঘটনাত ৭টা শিশু আহত হয়।

স্থানীয় অঞ্চলটোৰ ৰাজপথত শিশুসকলে খেলি থকা অৱস্থাত হঠাতে বিস্ফোৰণ ঘটে। ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত বিশৃংখলতাৰ সৃষ্টি হয়।

আহত আটাইকেইটা শিশুক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। চিটি এছপি কে ৰামদাসে এই কথা নিশ্চিত কৰিছে।

ঘটনাৰ পিছতে পৰিয়ালৰ লোকৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয়। ততাতৈয়াকৈ আহত শিশুকেইটাক সদৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়, য’ৰ পৰা গুৰুতৰভাৱে আহত তিনিটা শিশুক মায়াগঞ্জ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

চিটি এছপি কে ৰামদাসে কয় যে এই ঘটনাৰ পুংখানুপুংখ তদন্ত চলি আছে। ইয়াৰ পূৰ্বেও ঘটা কাণ্ডৰ ভিত্তিত তদন্ত আগবঢ়াই নিয়া হ’ব। এই ঘটনা কোনে সংঘটিত কৰিলে সেয়া জানিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে। তদন্তৰ বাবে ডগ স্কোয়াড আৰু এফ এছ এল দলৰো সহায় লোৱা হৈছে।

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক