লাচিত দিৱসৰ নামত ধন দাবী: বীৰ লাচিত সেনাৰ ৪নেতাক নিলম্বন

কোনো দল-সংগঠনে ব্যৱসায়িক প্ৰতিষ্ঠানত ধন দাবী কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক কেৰেপ নকৰে ৰাজ্যৰ একাংশ দল-সংগঠনে । একাংশই অনুষ্ঠান আয়োজন কৰাৰ নামত চান্দা সংস্কৃতি জীয়াই ৰখাৰ অভিযোগ উত্থাপিত হোৱা সময়ত ডিব্ৰুগড়‌ জিলাৰ নাহৰকটীয়াত বীৰ লাচিত সেনাৰ বলপূৰ্বক ধন দাবীৰ পাচতে যোৱা দেওবাৰে এটা দিনৰ বাবে বন্ধ হৈ পৰিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ।

দোকান পোহাৰ বন্ধ ৰাখি লাচিত সেনাৰ অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথত সমদল কৰি প্ৰতিবাদ কৰিছিল ব্যৱসায়ীসকলে । ইয়াৰ পাচতে লাচিত দিৱসৰ নামত ধন দাবী কৰি নিলম্বিত হ’ল বীৰ লাচিত সেনাৰ চাৰিগৰাকী নেতা। বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি অসীম হাজৰিকা, উপ সভাপতি হোমেন অভয়পুৰীয়া, মুখ্য সচিব পংকজ গগৈ, বিত্ত সচিব প্ৰবাল কেওঁটক নিলম্বন কৰিলে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিয়ে ।

উল্লেখ্য যে, লাচিত দিৱসৰ নামত বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে বলপূৰ্বক ধন দাবী আৰু ব্যৱসায়ীসকলক ভয়-ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল । লাচিত দিৱসৰ নামত ধন দাবী কৰি ব্যৱসায়িক ভয়-ভাবুকি দিয়া ঘটনাক লৈ বাতৰি প্ৰকাশ পোৱাৰ পিচতে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

ইয়াৰ পাচতে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদকসহ চাৰিজন বিষয়ববীয়াক নিলম্বন কৰে।নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদকসহ চাৰিজনক নিলম্বন কৰি নতুনকৈ চাৰিজনক দায়িত্ব প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিছে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিয়ে । লগতে এই ধন দাবী ঘটনাক সংগঠনটোৱে নিজাকৈ তদন্ত কৰিবলৈ ছয়জনীয়া তদন্ত সমিতি গঠন কৰি দিছে ।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…